ETV Bharat / state

Illegal Wood Seized: ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক দুজন

author img

By

Published : Jul 31, 2022, 1:40 PM IST

Two people arrested with illegal wood in Dibrugarh
ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক দুজন

ডিব্ৰুগড়ত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠভৰ্তি বাহন ৷ লগতে আটক দুজন চোৰাং কাঠ ব্যৱসায়ী (Wood smuggler arrested in Dibrugarh) ৷ ডিব্ৰুগড় আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু জকাই বন বিভাগৰ বনকৰ্মীৰ নেতৃত্বত চলা এই অভিযানত জব্দ প্ৰায় ২০ লাখ টকা মূল্যৰ চোৰাং কাঠ ।

ডিব্ৰুগড়, 31 জুলাই: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় ৷ সমান্তৰালকৈ চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে বন বিষয়াৰ অভিযান ৷ শেহতীয়াকৈ, ডিব্ৰুগড়ত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠভৰ্তি বাহন (Illegal Wood Seized in Dibrugarh)৷ লগতে আটক দুজন চোৰাং কাঠ ব্যৱসায়ী (Wood smuggler arrested in Dibrugarh)৷

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক দুজন

অৰুণাচল নামচাইৰ পৰা তিনিচুকীয়া বাইপাছ হৈ আহি থকা অৱস্থাতে ডিব্ৰুগড় বৰবৰুৱা বাইপাছত আৰু বগীবিল ৰোডৰ পৰা জব্দ কৰে উক্ত চোৰাং কাঠখিনি ৷ ডিব্ৰুগড় আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু জকাই বন বিভাগৰ বন কৰ্মীৰ নেতৃত্বত চলা এই অভিযানত জব্দ কৰে প্ৰায় ২০ লাখ টকা মূল্যৰ চোৰাং কাঠ ।

আটকাধীন দুই ট্ৰাক চালক ক্ৰমে পাৰ্থপ্ৰতিম দাস আৰু নুৰ আলম আলিক বুলি জানিবলৈ দিয়ে বন বিভাগে ৷ ইতিমধ্যে অসম বন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আটকাধীন দুই চোৰাং কাঠ সৰবৰাহকাৰীক ।

লগতে পঢ়ক: Wood smuggling in Rangapara : ৰঙাপৰাত বাহনসহ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.