ETV Bharat / state

পলিটেকনিক স্কুল নিৰ্মাণৰ দাবীত টিংখাঙত প্ৰতিবাদ

author img

By

Published : Oct 10, 2020, 4:30 PM IST

টিংখাং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি উক্ত বিষয়টো সন্দৰ্ভত ৰাইজে এখন স্মাৰক পত্ৰৰ জৰিয়তে ডিব্ৰুগড় জিলা উপায়ুক্তক অৱগত কৰোৱা বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

tingkhong-protest
পলিটেকনিক স্কুল নিৰ্মাণৰ দাবীত টিংখাঙত প্ৰতিবাদ

টিংখাং, 10 অক্টোবৰ : ডিব্ৰুগড় জিলাৰ টিংখাঙত শনিবাৰে টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ অনুসৰি,টিংখাং সমষ্টিৰ কুঁৱৰীগাঁও গাঁও পঞ্চায়তৰ বেতনি গাঁৱত পলিটেকনিক স্কুল নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ কিন্তু একাংশ বিৰোধী শক্তিয়ে পলিটেকনিক স্কুল নিৰ্মাণৰ কামত বাধা হৈ থিয় দিছে ৷ যাৰ ফলতে ক্ষোভিত হৈ অঞ্চলটোৰ ৰাইজে বিৰোধীক উক্ত পলিটেকনিক স্কুলখন নিৰ্মাণৰ কামত বাধা প্ৰদান নকৰিবলৈ সকিয়াই দিয়ে ৷ আনহাতে টিংখাং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি উক্ত বিষয়টো সন্দৰ্ভত ৰাইজে এখন স্মাৰক পত্ৰৰ জৰিয়তে ডিব্ৰুগড় জিলা উপায়ুক্তক অৱগত কৰোৱা বুলিও জানিবলৈ দিয়ে ৷ পলিটেকনিক স্কুলখন নিৰ্মাণত সকলোধৰণৰ বাধা আঁতৰাই শীঘ্ৰে কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানটো নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সকলো পক্ষকে আহ্বান জনায় ৰাইজে ৷

লগতে পঢ়ক : ক্ৰমাৎ সুস্থ হৈ উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.