ETV Bharat / state

BJP Worker Joins AJP : বিজেপি এৰি অজাপত যোগদান ? কোনোপধ্যে নামানে টিংখাং বিজেপিয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 9:43 PM IST

BJP Worker Joins AJP
অজাপত যোগদান কৰাৰ কথা কোনোপধ্যে মানি নলয় টিংখাঙৰ বিজেপি নেতৃত্বই

লক্ষ্মীপূজাৰ দিনটোত মন্ত্ৰী বিমল বড়াৰ দুৰ্গত বিজেপি এৰি অসম জাতীয় পৰিষদত যোগ দিছিল একাংশই ৷ কিন্তু সেই কথা কোনো পধ্যেই মানি নলয় বিজেপিয়ে ৷ ইয়াকে লৈ ইখনৰ পাচত সিখন সংবাদমেল সম্বোধন কৰিছে বিজেপিয়ে ৷

অজাপত যোগদান কৰাৰ কথা কোনোপধ্যে মানি নলয় টিংখাঙৰ বিজেপি নেতৃত্বই

ডিব্ৰুগড়, 2 নৱেম্বৰ : সমাগত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত টিংখাঙত একপ্ৰকাৰে আৰম্ভ হ'ল নিৰ্বাচনী কুচকাৱাজ । লুৰীণজ্যোতি গগৈৰ এখন ৰাজহুৱা সভাৰ পাচতে মন্ত্ৰী বিমল বড়াৰ সমষ্টি টিংখাঙত ব্যাপক জোকাৰণি । লক্ষ্মী পূজাৰ ৰাজনীতি কৰি আক্ৰমণাত্মক হৈ পৰিছে টিংখাং বিজেপি ।

মন কৰিবলগীয়া যে, লক্ষ্মী পূজাৰ সাংস্কৃতিক অনুষ্ঠানত ৰাজনীতিৰ ৰং সনাৰ অভিযোগ তুলি টিংখাঙত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে বিজেপিয়ে সম্বোধন কৰিছে ইখনৰ পাচত সিখনকৈ সংবাদমেল । উল্লেখযোগ্য যে টিংখাঙৰ চপাতলী ন-পুখুৰী যুৱক সংঘ আৰু সমূহ দাঁতিকাষৰীয়া ৰাইজৰ সৌজন্যত ন-পুখুৰী যুৱক সংঘৰ প্ৰাংগণত যোৱা ২৮ অক্টোবৰত উদযাপন কৰা হৈছিল শ্ৰীশ্ৰী লক্ষ্মী পূজা । পূজাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ ৷ গীত পৰিৱেশন কৰিবলৈ আহিছিল কেইবাগৰাকীও শিল্পী ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক । উক্ত অনুষ্ঠানতেই অসম জাতীয় পৰিষদত যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল । বিজেপিৰ একাংশ দলীয় লোকে অসম জাতীয় পৰিষদত যোগদান কৰা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰিত হোৱাৰ পাচত বিজেপিৰ টিংখাং মণ্ডলে ৰাজগড়ত এক সংবাদমেলৰ আয়োজন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ইয়াৰ পূৰ্বে এখন সংবাদমেল অনুষ্ঠিত কৰিছিল টিংখাঙৰ বিজেপিয়ে । মুঠৰ ওপৰত মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ কোনো বিজেপি কৰ্মী অসম জাতীয় পৰিষদত যোগদান কৰা নাই বুলি ৰাইজক বুজাবলৈ মন্ত্ৰী বিমল বড়াৰ নিৰ্দেশত টিংখাঙৰ বিজেপিয়ে দুখনকৈ সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হৈছে ।

অজাপৰ এখন সভাক লৈ দুখনকৈ সংবাদমেল অনুষ্ঠিত কৰিবলগা বিষয়টো ৰাজনীতিৰ খবৰ লোৱাসকলৰ বাবে হাস্যকৰ হৈ উঠিছে ৷

লগতে পঢ়ক : Lok Sabha Election 2024 : টিংখাঙত বিজেপিত খহনীয়া, AJP ত যোগদান শতাধিক লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.