ETV Bharat / state

ডিব্ৰুগড়ত কৰ’ণা ভাইৰাছৰ সন্দেহত আক্ৰান্ত লোকক চিকিৎসালয়ত ভৰ্তি

author img

By

Published : Feb 15, 2020, 9:00 PM IST

Suspected coronavirus effected person admited at assam medical college dibrugar
কৰ’ণা ভাইৰাছ

দেশত আতংক সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সন্দেহত শনিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ কক্ষত এজন লোকক ভৰ্তি কৰোৱা হয় ৷ মালয়েছিয়াত কৰ্মৰত লোকজন বিগত ৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ আহিছিল । লোকজন মালয়েছিয়াৰ পৰা উভটি অহাৰ পিছতে কৰ’ণা ভাইৰাছ সদৃশ ৰোগত আক্ৰান্ত হৈছিল । ইয়াৰ পিছত লোকজনে চিকিৎসকৰ স’তে যোগাযোগ কৰাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

ডিব্ৰুগড়,15 ফেব্ৰুৱাৰীঃ বিশ্বৰ কেইবাখনো দেশত আতংক সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সন্দেহত শনিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ কক্ষত এজন লোকক ভৰ্তি কৰোৱা হয় ৷ মালয়েছিয়াত কৰ্মৰত লোকজন বিগত ৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ আহিছিল । ইতিমধ্যে ভাইৰাছকবিধকলৈ অসমতো জাৰি কৰা হৈছে সতৰ্কতা ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা লোকজনক চিকিৎসকে ১৪দিনৰ নিৰীক্ষণত ৰখাৰ লগতে অন্যান্য পৰীক্ষা-নিৰীক্ষা কৰি থকা বুলি জনায় জিলাখনৰ উপায়ুক্তগৰাকীয়ে ৷ লোকজন মালয়েছিয়াৰ পৰা উভটি অহাৰ পিছতে কৰ’ণা ভাইৰাছ সদৃশ ৰোগত আক্ৰান্ত হৈছিল । ইয়াৰ পিছত লোকজনে চিকিৎসকৰ স’তে যোগাযোগ কৰাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

কৰ’ণা ভাইৰাছ

কৰ’ণা ভাইৰাছে চীনত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত সমগ্ৰ বিশ্বত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কতা জাৰি কৰিছিল ৷ দেশৰ বিভিন্ন বিমানকোঠকে ধৰি অসমৰ কেইবাখনো ৰাজ্যত এইক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত দৈনিক যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ দহখন বিছনাযুক্ত এটা বিশেষ কক্ষত সন্দেহজনক ৰোগীজনক ভৰ্তি কৰাৰ পাছত চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে । অৱশ্যে,পৰীক্ষাসমূহৰ অন্ততহে ৰোগীজনৰ শৰীৰত এই ৰোগৰ উপস্থিতিৰ কথা সঠিককৈ প্ৰকাশ কৰিব পৰা যাব ৷

লগতে চাওকঃক’ৰোণা ভাইৰাছকলৈ তৎপৰ বিশ্বনাথ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.