ETV Bharat / state

মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন

author img

By

Published : Dec 14, 2020, 10:10 PM IST

Special program of Raijor Dol will held at Moran
মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন

৭০ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰে গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব ডিব্ৰুগড় জিলাৰ মৰাণত ৷ দেওবাৰে এক সংবাদ মেল যোগে দলটোৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়াই সদৰি কৰে এই কথা ৷

মৰাণ,14 ডিচেম্বৰ : চলিত বৰ্ষৰ ২ অক্টোবৰত আত্মপ্ৰকাশ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন ৩,৪ আৰু ৫ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হ'ব। কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দলৰ লগতে ৭০ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰে গঠন হোৱা আঞ্চলিক দলটোৰ সাংগঠনিক কাম-কাজ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক অভিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে দলটো ।

দেওবাৰে মৰাণৰ পূৰ্ণিমা হোটেলৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত ৰাজ্যিক অভিৱৰ্তনৰ দিন ঘোষণা কৰে ৰাইজৰ দলৰ মূখ্য আহ্বায়ক ভাস্কো ডি শইকীয়াই । মৰাণত অনুষ্ঠিত কৰিবলৈ লোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন জাতীয় অভিৱৰ্তন হিচাপে চিহ্নিত হ'ব বুলি সংবাদমেলত সদৰি কৰে মুখ্য আহ্বায়ক গৰাকীয়ে ।

মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন

জাতি,ভাষা,সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত জন্ম গ্ৰহণ কৰা ৰাইজৰ দলে মৰাণত অনুষ্ঠিত হ'ব লগীয়া প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনতে দলৰ সংবিধান, দলৰ কৰ্মসূচীৰ লগতে লক্ষ্য উদ্দেশ্য বিতংকৈ প্ৰকাশ কৰিব ৰাইজৰ ওচৰত । অসমৰ সকলো জিলাৰ ৰাইজে এই অভিৱৰ্তনত অংশ গ্ৰহণ কৰিব বুলি ভাস্কো ডি শইকীয়াই জানিবলৈ দিয়ে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰে আঁতধৰা ৰাজহুৱা সভাত মৰাণৰ তুলসী দাসক সভাপতি, অংকুৰ শইকীয়া, মোহিনী মোহন লিগিৰা আৰু ধ্ৰুৱজ্যোতি ফুকনক সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভিৱৰ্তন অভ্যৰ্থনা সমিতি গঠন কৰিছে দলটোৱে ।


লগতে পঢ়ক: শিৱসাগৰত অসম জাতীয় পৰিষদৰ অভিৱৰ্তনৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.