ETV Bharat / state

শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:04 PM IST

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে কৃতী ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰিলে বিশেষ জলপানি । ৪ হাজাৰৰো অধিক ছাত্র- ছাত্ৰীলৈ প্ৰদান কৰা হয় এই বঁটা ।

Sonowal Kachari Autonomous Council
সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ

মৰাণ, ৫ ডিচেম্বৰ: সোণোৱাল কছাৰী ৰাইজৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন হোৱা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে প্ৰতি বছৰে সোণোৱাল কছাৰী ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক ক্ষেত্ৰখনত আগুৱাই নিয়াৰ বাবে চেষ্টা চলাই আহিছে । সোণোৱাল ৰাইজৰ সমস্যা সমাধানৰ বাবে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হ'লেও স্বায়ত্ব পৰিষদে শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনাৰ জড়িয়তে জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীৰ উন্নয়নৰ বাবে উল্লেখনীয় কাম কৰি আহিছে ।

বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত স্থানপ্ৰাপ্ত মেধাৱীলৈ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান কৰি আহিছে । আজি ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানি বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৪ হাজাৰৰো অধিক ছাত্ৰ- ছাত্ৰীলৈ বিভিন্ন পৰ্যায়ত প্ৰদান কৰা হয় এই বঁটা ।

ডিব্ৰুগড় চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জলপানি বিতৰণ অনুষ্ঠানত বঁটা প্ৰদান কৰে কেবিনেট মন্ত্ৰী বিমল বড়াই। এই অনুষ্ঠানতে স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা সোনোৱাল কছাৰী জনগোষ্ঠীৰ পৰা বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৪ হাজাৰৰো অধিক ছাত্র-ছাত্ৰীলৈ প্ৰদান কৰে । এই বঁটাত আছে নগদ ধন আৰু বঁটা । জলপানি বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালৰ লগতে ডিব্ৰুগড়ৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা সোণোৱাল কছাৰী জনগোষ্ঠীয় ছাত্ৰ- ছাত্ৰী সকল উপস্থিত থাকে ।

লগতে পঢ়ক:শীতকালত আপোনাৰ এই ভুলৰ বাবে বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.