ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়লৈ 10 লাখ টকাৰ সাহায্য এছবিআইৰ

author img

By

Published : Jun 14, 2021, 2:17 PM IST

sbi-donated-ppe-kit-amount-of-10-lakhs-to-amch
অসম চিকিৎসা মহাবিদ্যালয়লৈ 10 লাখ টকাৰ পিপিইকিটৰ সাহাৰ্য এছবিআইৰ

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Assam Medical College Hospital)লৈ 10 লাখ টকা ব্যয়েৰে পিপিই কীট সাহায্য হিচাপে আগবঢ়াইছে ষ্টেট বেংক অৱ ইণ্ডিয়াই ৷ সোমবাৰে আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ এই বৃহৎ মূল্যৰ পিপিই কীট প্ৰদান কৰে এছবিআই(SBI)এ ।

ডিব্ৰুগড়, 14 জুন : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ ক’ভিড মহামাৰী(Covid Pandemic)ৰ এই সময়ছোৱাত আৰ্তজনৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন ৷ বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ লগতে বিভিন্ন চিকিৎসালয়ত চিকিৎসা সামগ্ৰী অথবা অন্য প্ৰয়োজনীয় সা-সামগ্ৰী প্ৰদান কৰি আহিছে ৷

শেহতীয়াভাৱে ৰাইজৰ সেৱাত উচৰ্গিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম চিকিৎসা সেৱাৰ প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Assam Medical College Hospital)ত ষ্টেট বেংক অৱ ইণ্ডিয়াই 10 লাখ টকা ব্যয়েৰে পিপিই কীট সাহায্য হিচাপে আগবঢ়ায় ৷ সোমবাৰে আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ এই বৃহৎ মূল্যৰ পিপিই কীট প্ৰদান কৰে বিত্তীয় প্ৰতিষ্ঠানটোৱে ।

sbi-donated-ppe-kit-amount-of-10-lakhs-to-amch
অসম চিকিৎসা মহাবিদ্যালয়লৈ 10 লাখ টকাৰ সাহায্য এছবিআইৰ

ভাৰতীয় ষ্টেট বেংকৰ চিএচআৰ (CORPORATE SOCIAL RESPONSIBILITY) ফাণ্ডৰ অধীনত এই অনুদান প্ৰদান কৰা হৈছে ৷ এছবিআইৰ ভালে কেইগৰাকী জ্যেষ্ঠ বিষয়াৰ উপস্থিতত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ পি দিহিঙীয়াৰ হাতত এই অনুদান প্ৰদান কৰা হয় ।

লগতে পঢ়ক: উদালী কাণ্ডৰ লগত জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.