ETV Bharat / state

AIR Dibrugarh: আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Oct 26, 2022, 3:36 PM IST

২৫ অক্টোবৰৰ পৰা বন্ধ হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত (All India Radio Dibrugarh) অসমীয়া নিউজ বুলেটিন । দিল্লীৰ প্ৰসাৰ ভাৰতীয়ে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় ।

sarbananda sonowal on closure of regional news
আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়,২৬ অক্টোবৰ: ২৫ অক্টোবৰৰ পৰা বন্ধ হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত (All India Radio Dibrugarh) অসমীয়া নিউজ বুলেটিন । দিল্লীৰ প্ৰসাৰ ভাৰতীয়ে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছিল । সেইমর্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন ২৫ অক্টোবৰৰ পৰা বন্ধ হৈ পৰে (Assamese news bulletin closed at Dibrugarh AIR)।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বনন্দ সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় । সোনোৱালৰ আমন্ত্ৰণ মৰ্মে আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়া সকলে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ডিব্ৰুগড়স্থিত বাসভৱনত সাক্ষাৎ কৰে(Sonowal meets officials of AIR Dibrugarh) ।

এই বৈঠকতে প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন উঠাই নিয়াৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে উপস্থিত বিষয়ববীয়াসকলে বিস্তৃতভাবে অৱগত কৰি ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনায় সোণোৱালক । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৎক্ষনিকভাৱে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰালৈ ফোন কৰি বিষয়টো পুনঃবিবেচনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

উল্লেখ্য যে প্ৰসাৰ ভাৰতীৰ এই হঠকাৰী সিদ্ধান্তৰ বাবেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ৰাইজে এতিয়া শুনিবলৈ নাপায় অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি । প্ৰসাৰ ভাৰতীৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন শ্ৰোতাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে । উজনি অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ থকা আঞ্চলিক বুলেটিনখনৰ সময়সীয়া দহ মিনিটলৈ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছিল । কিন্তু এই দাবী চলি থকাৰ মাজতে চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে ক্ষোভিত হৈ পৰিছে দল-সংগঠনবোৰ ।

বুধবাৰে প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড়ৰ পৰা আঞ্চলিক বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনাই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই(Assamese news bulletin closed at Dibrugarh AIR) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আছুৰ বিষয়ববীয়াই ।

লগতে পঢ়ক: Closure of regional news from AIR Dibrugarh: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি বন্ধ কৰাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.