ETV Bharat / state

সোণাৰি নগৰ ছেনিটাইজেশ্যন টাই আহোম যুৱ পৰিষদৰ

author img

By

Published : Jun 2, 2021, 7:57 PM IST

সোণাৰি নগৰত ছেনিটাইজেশ্যন টাই আহোম যুৱ পৰিষদৰ ৷ ক'ভিড-১৯ (Covid 19)ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান সংগঠনটোৰ ৷

sanitization-by-taypa-at-sonari
সোণাৰি নগৰত চেনিটাইজেশ্যন টাই আহোম যুৱ পৰিষদৰ

মৰাণ, 2 জুন : ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ’ণাৰ (Corona) সংহাৰী ৰূপ৷ নিতৌ পোহৰলৈ আহিছে ক’ভিড (Covid 19) সংক্ৰমণৰ ন ন ঘটনা ৷ সমান্তৰালভাৱে ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসন তথা ব্যক্তিগত প্ৰচেষ্টাত ঠায়ে ঠায়ে অব্যাহত আছে ছেনিটাইজেশ্যন কাৰ্যসূচী ৷ ৰাজ্যত অব্যাহত থকা কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে সোণাৰি নগৰত ছেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

সোণাৰি নগৰত চেনিটাইজেশ্যন টাই আহোম যুৱ পৰিষদৰ

টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷ সমগ্ৰ সোণাৰি নগৰত ছেনিটাইজেশ্যন কৰি বীজাণু নাশৰ এক পদক্ষেপ গ্ৰহণ কৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে । ক'ভিড ১৯ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হ'বলৈও আহ্বান জনায় সংগঠনটোৱে ।

লগতে পঢ়ক : সুৰাৰ হোম ডেলিভাৰী: স্থিতি স্পষ্ট দিল্লী চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.