ETV Bharat / state

New Constituency in Dibrugarh : সমষ্টি বিলুপ্তিকৰণক লৈ ক্ষোভ প্ৰকাশ মটক যুৱ ছাত্র পৰিষদ আৰু ৰাইজৰ দলৰ

author img

By

Published : Jun 25, 2023, 2:27 PM IST

সমষ্টি বিলুপ্তিকৰণ সন্দৰ্ভত ডিব্ৰুগড়ত মটক যুৱ ছাত্র পৰিষদ, ৰাইজৰ দলৰ সংবাদমেল ৷ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সৰ্বাত্মক আন্দোলনৰ ঘোষণা ৷

Press meet by Matak yuba chatra parishad and Raijor Dol
সমষ্টি বিলুপ্তিকৰণক লৈ ক্ষোভ প্ৰকাশ মটক যুৱ ছাত্র পৰিষদ আৰু ৰাইজৰ দলৰ

সমষ্টি বিলুপ্তিকৰণক লৈ ক্ষোভ প্ৰকাশ মটক যুৱ ছাত্র পৰিষদ আৰু ৰাইজৰ দলৰ

ডিব্ৰুগড়, 25 জুন : সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ৰাজপথ, ৰেল-পথ, বিমান পথ অৱৰোধেই নহয় প্ৰয়োজনত বন্ধৰ দৰে সৰ্বাত্মক কাৰ্যসূচী সমষ্টিবাসীয়ে ৰূপায়ণ কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে লাহোৱাল প্ৰেছ ক্লাৱত সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ আৰু ৰাইজৰ দলে আয়োজন কৰা এক যুটীয়া সংবাদমেলৰ দ্বাৰা । সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱৰাই 1957 চনতে গঠিত লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

লাহোৱাল সমষ্টিৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাই নিমাতী কইনাৰ ভূমিকা গ্ৰহণ কৰাত গৰিহণা দিয়ে সংগঠনটোৱে । বিধায়ক বিনোদ হাজৰিকা চাবুৱাৰ বাসিন্দা হোৱাৰ পিচতো নিজৰ সমষ্টিটো বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতো মৌন ব্ৰত ধাৰণ কৰি অহা বিষয়টোত তীব্ৰ ক্ষোভ ব্যক্ত কৰে । আগন্তুক দিনত লাহোৱালবাসী ৰাইজ একত্ৰিত হৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰি কাৰ্যসূচীলৈ সকলো দল মত নিৰ্বিশেষে সকলোকে মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনায় ।

আনহাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈয়ে 2001 চনৰ লোকপিয়ল অনুসৰি যদি সমষ্টি বিলুপ্তিকৰণ হয়, তেন্তে এয়া খিলঞ্জীয়াৰ বাবে এক ক’লা অধ্যায় হিচাপে পৰিগণিত হ'ব বুলি সংবাদ মেলত উল্লেখ কৰে । বিদেশী বহিস্কাৰ অবিহনে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন প্ৰস্তুত নোহোৱাকৈ, অসম চুক্তি ৰূপায়ণ নোহোৱাকৈ, খিলঞ্জীয়া ভূমি আৰু সম্পদৰ অধিকাৰ সুনিশ্চিত নকৰাকৈ, ছয় জনগোষ্ঠীক জনজাতিকৰণ অবিহনে লাহোৱালৰ দৰে এটা সন্মানীয় সমষ্টি বিলুপ্তিকৰণ কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে ।

জাতি-মাটি-ভেটিৰ কথা কোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভূমিকাকো কটু সমালোচনা কৰে ৰাইজৰ দলে ৷

লগতে পঢ়ক : New Constituency in Dibrugarh : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.