ETV Bharat / state

New Constituency in Dibrugarh : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ

author img

By

Published : Jun 25, 2023, 12:43 PM IST

MLA Chakradhar Gogoi reacts on new Constituency
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ ৷ ৰাজনৈতিক স্বাৰ্থলোভী দুই এজন লোকেহে মৰাণ সমষ্টিৰ নাম বৰবৰুৱা সমষ্টি হ'ব লাগে বুলি চিঞৰ বাখৰ কৰি আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বিধায়ক গগৈয়ে ৷

ডিব্ৰুগড়ত বিধায়ক চক্ৰধৰ গগৈ

ডিব্ৰুগড়, 25 জুন : কেন্দ্ৰীয় নিৰ্বাচন আয়োগে বিধানসভা সমষ্টিৰ নতুনকৈ সীমা নিৰ্ধাৰণ কৰি যি খচৰা প্ৰস্তুত কৰিছে, সেই খচৰাৰ কোনো ভুল নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । বৰবৰুৱাৰ একাংশ সমাজ সচেতন ব্যক্তি আৰু দল- সংগঠনে মৰাণ সমষ্টিৰ নামটো বৰবৰুৱা সমষ্টি হ'ব লাগে বুলি সংবাদ মাধ্যমৰ জৰিয়তে দাবী তোলাৰ সময়তে নিজৰ স্থিতি স্পষ্ট কৰি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে । মৰাণৰ কোটোহাত সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত মন্তব্য আগবঢ়ায় বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ তেওঁ সুখী বুলি উল্লেখ কৰে । কাৰণ সাংবিধানিকভাৱে নিৰ্বাচন আয়োগে খচৰা প্ৰস্তুত কৰিছে ।

বিধায়কগৰাকীয়ে লগতে জনসংখ্যাৰ অনুপাতে ক’ৰবাত দুই এখন গাঁ‌ও বাদ পৰিছে আৰু ক’ৰবাত সংযোগ হৈছে বুলি উল্লেখ কৰে । তেওঁ তাত চিন্তা কৰিবলগীয়া একো কাৰণ নাই বুলি কয় । ইফালে মৰাণ সমষ্টিৰ নাম বৰবৰুৱা সমষ্টি হ'ব লাগে বুলি দুই এজন লোকেহে চিঞৰ বাখৰ কৰি আছে বুলি গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । ইয়াত ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে দুই এজন বিজেপি দলৰ লোকো জড়িত হৈ থাকিব পাৰে বুলি উল্লেখ কৰি দুই এজন লোকৰ প্ৰতিবাদ ৰাইজৰ প্ৰতিবাদ কেতিয়াও হ'ব নোৱাৰে বুলিও কয় বিধায়কগৰাকীয়ে ।

উল্লেখযোগ্য যে শনিবাৰে জিলাখনৰ কোটোহা বীণাপাণি হাইস্কুলত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয় । এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 3 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : consistency reservation for tribal : জনজাতিৰ বাবে বিধানসভা আসনৰ দাবী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.