ETV Bharat / state

consistency reservation for tribal : জনজাতিৰ বাবে বিধানসভা আসনৰ দাবী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ

author img

By

Published : Jun 25, 2023, 10:24 AM IST

Sonowal Students Union demands for consistency reservation for tribal
আসন সংৰক্ষণৰ দাবীত অনুষ্ঠিত হ’ল ৰাজহুৱা সভা

ডিব্ৰুগড়ত জনজাতিৰ বাবে বিধানসভা আসনৰ দাবী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ৷ জনজাতিৰ বাবে আসন সংৰক্ষণৰ দাবীত অনুষ্ঠিত হ’ল ৰাজহুৱা সভা ৷

আসন সংৰক্ষণৰ দাবীত অনুষ্ঠিত হ’ল ৰাজহুৱা সভা

ডিব্ৰুগড়, 25 জুন : নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ খচৰা মুকলি কৰাৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে প্ৰতিবাদ । সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ প্ৰথম খচৰাতে ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিটো বিলুপ্তিকৰণ কৰে ভাৰতীয় নিবাৰ্চন আয়োগে । নিবাৰ্চন আয়োগে প্ৰকাশ কৰা খচৰাৰ পাছতেই শনিবাৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাৰ যুটীয়া উদ্যোগত জিলাখনৰ বাণীকান্ত পেগু ভৱনত অনুষ্ঠিত কৰা হ'ল বিশেষ ৰাজহুৱা সভা ।

এই ৰাজহুৱা সভাখনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত এটা সমষ্টি জনজাতিসকলৰ বাবে আসন সংৰক্ষণ কৰিবৰ বাবে সভাত দাবী উত্থাপন কৰে উপস্থিত লোকসকলে । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মিলন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন ৷ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী, শিক্ষাবিদৰ লগতে সচেতন ৰাইজে অংশগ্ৰহণ কৰে ।

আনফালে, টিংখাং আৰু দুলীয়াজান সমষ্টিৰ আসন জনজাতিৰ বাবে সংৰক্ষণৰ দাবীত অহা 29 জুনত জনজাতি সংগঠনসমূহক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সম্পাদক বুধিন সোণোৱালে জানিবলৈ দিয়ে । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মিলন সোণোৱালে বিষয়টো সন্দৰ্ভত কয় যে, অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা আদৰণি জনাইছো । সমান্তৰালভাৱে ডিব্ৰুগড়ত এটা সমষ্টি জনজাতিৰ কাৰণে সংৰক্ষণৰ দাবী জনাই অহাৰ কথা উল্লেখ কৰে । ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোলাঘাটৰ পৰা মাৰ্ঘেৰিটালৈকে জনজাতি লোকসকলৰ সমস্যা সমাধানৰ বাবে, জনজাতিসকলৰ হৈ মাত মাতিবলৈ বিধানসভাত এজনো প্ৰতিনিধি নাই বুলি আক্ষেপ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এই সংক্ৰান্তত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অতি সোনকালে লগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । লগতে যদিহে এই দাবী মানি নলয় তেন্তে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : Protest in Morigaon for constituency reservation : মৰিগাঁও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণৰ দাবীত বিশাল জোঁৰ সমদল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.