ETV Bharat / state

TAYPA Press meet: বিজেপি নেতা দয়ানন্দ বৰগোহাঁইৰ বিৰুদ্ধে টাইপা

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:39 PM IST

Press meet against BJP leader Dayananda Borgohain
বিজেপি নেতা দয়ানন্দ বৰগোহাঁইৰ বিৰুদ্ধে সংবাদমেল

বিজেপি নেতা দয়ানন্দ বৰগোহাঁইৰ বিৰুদ্ধে মৰাণত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল । টাইপাৰ আহোমলেণ্ড দাবী অবাস্তৱ বুলি কোৱা পাছতেই সংবাদমেল অনুষ্ঠিত কৰি দয়ানন্দ বৰগোহাঁইক ক্ষুৰধাৰ সমালোচনা টাইপাৰ ।

বিজেপি নেতা দয়ানন্দ বৰগোহাঁইৰ বিৰুদ্ধে সংবাদমেল

মৰাণ,১৭ অক্টোবৰ: টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই আহোমসকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে আহোমলেণ্ড গঠনৰ দাবী উত্থাপন কৰি আহিছে । লগতে সংগঠনটোৱে আহোমলেণ্ডৰ দাবীত ইতিমধ্যে প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি প্ৰচাৰ কৰিছে সমগ্ৰ ৰাজ্য়ত । তেনে সময়তে দুটা দিনৰ পূৰ্বে অসম শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ, বুৰঞ্জীবিদ, বিজেপি নেতা দয়ানন্দ বৰগোহাঁইয়ে উজনি অসম সুৰক্ষা পৰিষদৰ নামৰ এক অনুষ্ঠান গঠন কৰি শিৱসাগৰত এক সংবাদমেল অনুষ্ঠিত কৰিছিল ।

সোঁৱে-বাঁৱে একাংশ বিজেপিৰ সক্ৰিয় নেতাক লগত লৈ অনুষ্ঠিত কৰা সংবাদমেলত দয়ানন্দ বৰগোহাঁইয়ে টাই আহোম যুৱ পৰিষদে আহোমলেণ্ডৰ যি দাবী উত্থাপন কৰিছে, সেই দাবী অবাস্তৱ বুলি কয় । ইয়াৰ পাছতে দয়ানন্দ বৰগোহাঁইৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টাইপাই । বিজেপিৰ নেতা হৈ আহোমলেণ্ডৰ ভিত্তি নাই বুলি কোৱা দয়ানন্দ বৰগোহাঁইয়ে আহোমলেণ্ডৰ যি দাবী তাক ধ্বংস কৰাৰ বাবে চেষ্টা চলাইছে বুলি কয় টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই ।

বিজেপিৰ এজন নেতা হৈ হাজাৰ হাজাৰ আহোম ৰাইজে সমৰ্থন কৰা আহোমলেণ্ডৰ দাবীক অবাস্তৱ বুলি কোৱাৰ কোনো অধিকাৰ নাই বুলি কয় টাইপাই । লগতে দয়ানন্দ বৰগোহাঁইয়ে একাংশ বিজেপি নেতাক লৈ গঠন কৰা উজনি অসম সুৰক্ষা পৰিষদত কিমান আহোম ৰাইজ আছে সেয়া স্পষ্ট কৰিবলৈ মঙলবাৰে সংবাদমেলত দাবী জনাই টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই । এই সংবাদমেলত উপস্থিত থাকে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক ৰুদ্ৰ বুঁঢ়াগোহাই, উপ-সভাপতি উত্তম দিহিঙীয়াকে ধৰি কেইবাগৰাকী বিষয়ববীয়া ।

লগতে পঢ়ক: Mortar recovered: IED ৰ পিচত এইবাৰ চিকৰাজানত মৰ্টাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.