ETV Bharat / state

ডিব্ৰুগড়ত প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল

author img

By

Published : Jan 11, 2022, 10:30 PM IST

Surrendered militants of Ulfa
ডিব্ৰুগড়ত প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল

মঙলবাৰে প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ প্ৰথমখন সংবাদমেল মঙলবাৰে অনুষ্ঠিত হয় (Surrendered militants of Ulfa) । সংবাদমেলখনৰ জৰিয়তে সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰাক্তন সদস্যসকলে আলফা (স্বা) আৰু ভাৰত চৰকাৰৰ সংঘাত শীঘ্ৰেই আলোচনাৰ মাজেৰে নিৰ্মূল কৰাৰ লগতে আন বহুকেইটা দাবী উত্থাপন কৰে (Peace talk of Ulfa and Government) ৷

মৰাণ, 11 ডিচেম্বৰ : ডিব্ৰুগড়ত প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ প্ৰথমখন সংবাদমেল মঙলবাৰে অনুষ্ঠিত হয় (Surrendered militants of Ulfa) । প্ৰাক্তন আলফাসকল উৎপাদনশীল কামত জড়িত হ'ব বুলি সংবাদমেলখনৰ জৰিয়তে জানিবলৈ দিয়ে । সংবাদমেলখন সম্বোধন কৰে প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ যুটীয়া মুখ্য আহ্বায়ক ৰহেন্দ্ৰ মৰাণ আৰু তৰংগ অসমে ।

চাৰি দশক ধৰি চলি থকা আলফা (স্বা) আৰু ভাৰত চৰকাৰৰ সংঘাত শীঘ্ৰেই আলোচনাৰ মাজেৰে নিৰ্মূল কৰিবলৈ আহ্বান জনায় প্ৰাক্তন আলফা (স্বা)সকলে (Ulfa-Government peace process)। এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধিক সদিচ্ছাৰ প্ৰয়োজন বুলি মন্তব্যকৰে সদস্যসকলে । আনহাতে পতিত কৃষি ভূমি উৎপাদনশীল কামত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিবলৈও ৰাজ্য চৰকাৰক জনালে আহ্বায় প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে ।

ডিব্ৰুগড়ত প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল

আত্মসমৰ্পন কৰিবলৈ আহি চুবুৰীয়া ৰাজ্যসমূহৰ কাৰাগাৰত বন্দী হৈ থকা আলফা (স্বা)ৰ সদস্যসকলক মোকলাই আনি আত্মসমৰ্পনৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় সংবাদমেলখনৰ জৰিয়তে ।

ইয়াৰোপৰি নিবনুৱা হৈ থকা আত্মসমৰ্পনকাৰী আলফা সদস্যসকলক চৰকাৰী সংস্থাপন দিবৰ বাবেও আহ্বান জনায় আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে । অসমৰ খেতিয়কৰ খাদ্য সামগ্ৰী, কুটিৰ শিল্প, বস্ত্ৰ শিল্পৰ সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ বাবে প্ৰতিখন জিলা সদৰত ক্ষুদ্ৰ বজাৰ নিৰ্মাণ কৰিবলৈ জনোৱাৰ লগতে আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে অসমৰ বান খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক: জামিন পালে আলফা নেতা জীৱন মৰাণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.