ETV Bharat / state

প্ৰমোদ বড়োৱে উদ্বোধন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুনকৈ সংযোজিত বড়ো বিভাগ

author img

By

Published : Nov 30, 2021, 9:57 PM IST

Department of Bodo in Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুনকৈ সংযোজিত বড়ো বিভাগ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বড়ো মাধ্যম সংযোজন হোৱাৰ পাছতে উজনি অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ বিভাগৰ সংখ্যা বৃদ্ধি পালে ১৮ টালৈ । মঙলবাৰে অত্যাধুনিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বড়ো মাধ্যমৰ ভৱন(Bodo Language Bhawan at Dibrugarh University)টো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

মৰাণ, 30 নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা স্বতন্ত্ৰভাৱে আৰম্ভ হ'ল বড়ো মাধ্যম । ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বড়ো মাধ্যম সংযোজন হোৱাৰ পাছতে উজনি অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ বিভাগৰ সংখ্যা বৃদ্ধি পালে ১৮ টালৈ । মঙলবাৰে অত্যাধুনিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বড়ো মাধ্যমৰ ভৱন(Bodo Language Bhawan at Dibrugarh University)টো আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ।

বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপন কৰা বড়ো বিভাগৰ অত্যাধুনিক ভৱন উদ্বোধন কৰে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে(BTC Chief Pramod Boro) । ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Speaker of the Assam Legislative Assembly Biswajit Daimary) ৷ উল্লেখ্য যে, ২০১৫ চনতে নিৰ্মাণ আৰম্ভ হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ ভৱনটো(Department of Bodo in Dibrugarh University) ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুনকৈ সংযোজিত বড়ো বিভাগ

ভৱনটো উদ্বোধনীৰ উপলক্ষে বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন চন্দ্ৰ বড়োৱে ৷ সভাত আদৰণি ভাষণ দিয়ে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ জিতেন্দ্ৰ হাজৰিকাই । অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লীলাকান্ত নাথ, উপায়ুক্ত বিশ্বজিৎ পেগু, অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ভীমকান্ত বৰুৱা, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দীপেন বড়ো, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী আদি ৷

লগতে পঢ়ক: Mob Lynching in Jorhat: পোন্ধৰ দিনৰ ভিতৰত চাৰ্জচিট দাখিল কৰিব আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.