ETV Bharat / state

Sonari police murder case: সদৰ থানাৰ ভিতৰতে কিয় আৰক্ষীয়ে হত্যা কৰিলে আৰক্ষীক

author img

By

Published : Dec 6, 2022, 10:14 PM IST

Updated : Dec 7, 2022, 8:06 AM IST

police kill a policeman in sonari police station
Sonari police murder case: সদৰ থানাৰ ভিতৰতে কিয় আৰক্ষীয়ে হত্যা কৰিলে আৰক্ষীক

কিয় সংঘটিত হ’ল সোণাৰিকাণ্ড ? চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰিলে হত্যাকাৰী আৰক্ষীয়ে(Sonari police station murder case) ৷

ডিব্ৰুগড়/চামগুৰি , 6 ডিচেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাৰ চৌহদত পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা(Sonari police murder case) ৷ আৰক্ষীৰ গুলীচালনাত প্ৰাণ হেৰুৱালে আৰক্ষীয়ে ৷ আৰক্ষী থানাৰ এই গুলী চালনাৰ ঘটনাই কঁপায় গৈছে চৰাইদেউ জিলা(Sonari police station murder case) ।

সদৰ থানাৰ ভিতৰতে কিয় আৰক্ষীয়ে হত্যা কৰিলে আৰক্ষীক

জানিব পৰা মতে, সামান্য তৰ্কাতৰ্কিৰ পিছতে এজন আৰক্ষী জোৱানে আনজন সতীৰ্থ আৰক্ষী জোৱানক গুলী কৰিছিল ৷ অভিযুক্ত দীপক কাকতিয়ে জানিবলৈ দিয়া মতে বিগত কেইবাদিনো ধৰি নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱান গকুল বসুমতাৰী আৰু সতীৰ্থ দীপক কাকতিৰ মাজত অব্যাহত আছিল মতানৈক্য ৷ আনকি মৃত গকুলৰ সৈতে কেইবাবাৰো মাৰপিটত লিপ্ত হোৱা বুলিও উল্লেখ কৰে জোৱান দীপক কাকতিয়ে ৷ যাৰ বাবে আজি অতিষ্ঠ হৈ সদৰ থানাৰ চৌহদতে দীপকে গুলীয়াই হত্যা কৰিলে গকুল বসুমতাৰীক ।

নিজৰ চাৰ্ভিছ ইনচাৰ্ছ ৰাইফলেৰে দীপক কাকতিয়ে গুলী চালনা কৰাত থিতাতে ঢলি পৰে সতীৰ্থ আৰক্ষী জোৱানজন । ঘটনা সংঘটিত হোৱাৰ পাছতে গুলীচালনা কৰা দীপক কাকতি নামৰ জোৱানজনক আটক কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰাৰ পাছতে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি আগবঢ়ায় দীপক কাকতি । বসুমতাৰীয়ে তেওঁক মাৰিছিল আৰু সেই কাৰণে তেওঁকো হত্যা কৰা হ’ল বুলি অভিযুক্ত কাকতিয়ে সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে । অৱশ্যে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব প্ৰকৃত ঘটনাৰ কাৰণ (police kill a policeman in sonari police station)।

police kill a policeman in sonari police station
সদৰ থানাৰ ভিতৰতে কিয় আৰক্ষীয়ে হত্যা কৰিলে আৰক্ষীক

আনহাতে, প্ৰায় দুবছৰ পূৰ্বে সোণাৰি থানাত যোগদান কৰা গকুল বসুমতাৰীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে সকলোকে ৷ পৰিয়াল-পৰিজনৰ লগতে স্থানীয় ৰাইজৰ মাজতো শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ অনাকাংশিত খবৰটো অঞ্চলজুৰি বিয়পি পৰাৰ লগতে আটায়ে আৰক্ষী জোৱান গকুল বসুমতাৰীৰ হত্যাকাৰীৰ উচিত শাস্তি দাবী কৰিছে ৷

অৱশ্যে হত্যাকাৰী দীপক কাকতিয়ে ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়ালেও এতিয়া ঘটনা সন্দৰ্ভত ৰহস্য আঁতৰা নাই ৷ সদৰ থানাৰ ভিতৰতে আৰক্ষীয়ে আৰক্ষীক কিয় হত্যা কৰিবলগীয়া হ’ল সেয়াও বৰ্তমান এক ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক: Delhi High Court : 33 সপ্তাহৰ গৰ্ভৱতীক গৰ্ভপাতৰ অনুমতি দিল্লী উচ্চ ন্যায়ালয়ৰ

Last Updated :Dec 7, 2022, 8:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.