ETV Bharat / state

Amrit pal Singh updates : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপালৰ সিঙৰ ঘনিষ্ঠ পাপলপ্ৰীত

author img

By

Published : Apr 11, 2023, 4:04 PM IST

Updated : Apr 11, 2023, 4:28 PM IST

Operation against Amritpal Singh
অমৃতপাল সিঙৰ আন এগৰাকী ঘনিষ্ঠ ডিব্ৰুগড় কাৰাগাৰলৈ

আজি পুনৰ আন এজন ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ এজন ঘনিষ্ঠক অনা হ'ল ডিব্ৰুগড় কাৰাগাৰলৈ ৷ কটকটীয়া কৰি তোলা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চৌহদৰ নিৰাপত্তা ব্যৱস্থা ৷ আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা খালীস্তানপন্থী নেতাজনৰ নাম হ’ল পাপলপ্ৰীত সিং (Operation against Amritpal Singh) ৷

অমৃতপাল সিঙৰ আন এগৰাকী ঘনিষ্ঠ ডিব্ৰুগড় কাৰাগাৰলৈ

ডিব্ৰুগড়, 11 এপ্ৰিল : খালীস্তানপন্থী নেতাৰে ভৰি পৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ ৷ ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিৰ প্ৰাক মুহূৰ্তত পুনৰ এগৰাকী খালিস্তানী নেতাক ভিস্তাৰা বিমানেৰে ডিব্ৰুগড়লৈ অনা হয় । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয় খালিস্তানী নেতাগৰাকীক । 'ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ ঘনিষ্ঠ পাপলপ্ৰীতক অনা হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ (Khalistani leaders in Dibrugarh jail) ।

এতিয়ালৈকে সৰ্বমুঠ ৯ জন খালিস্তানপন্থী নেতাক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে বুলি জানিবলৈ পৰা গৈছে । উল্লেখযোগ্য যে, পঞ্জাৱৰ খালিস্তান পন্থী বিচ্ছিন্নতাবাদী সংগঠন ৱাৰিছ পঞ্জাৱ দেৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ সহযোগীক ডিব্ৰুগড় কাৰাগাৰলৈ অনাৰ পাছতে এতিয়া দেশৰ ভিতৰতে অতিকৈ চৰ্চিত কাৰাগাৰ হৈ পৰিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ ।

পঞ্জাৱৰ বিচ্ছিন্নতাবাদী সংগঠনৰ এজনৰ পিচত আন এজন নেতাক কিয় হঠাৎ ডিব্ৰুগড়লৈ লৈ অনা হৈছে সেই কথা আজিও ৰহস্যৰ মাজত আছে ৷ অৱশ্যে খালিস্তানী নেতাসকলক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত অলপো ক্ৰুটি ৰখা নাই ডিব্ৰুগড় আৰক্ষীয়ে (Operation against Amritpal Singh) ।

এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ আতিথ্য প্ৰদান কৰা হৈছে খালিস্তানী নেতাসকলক ৷ ডিব্ৰুগড় কাৰাগাৰত সুন্দৰভাৱে সময় পাৰ কৰিছে খালিস্তানী বিচ্ছিনতাবাদী নেতাসকলে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ ছেল প্ৰস্তুত কৰা হৈছে এইসকল খালিস্তানী নেতাৰ বাবে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থা কৰা হৈছে (Dibrugarh central jail) ।

উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমানলৈকে শতাধিক খালীস্তানপন্থী নেতা-সদস্যক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৷ আটাইকেইজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ৷ খালিস্তানপন্থী নেতাসকলক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাখিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ পূৰ্বৰ দৰে সাধাৰণ লোকে এতিয়া অনুমতি অবিহনে এতিয়া প্ৰবেশ কৰিব নোৱাৰে ডিব্ৰুগড় কাৰাগাৰত (Amrit pal Singh updates) ৷

লগতে পঢ়ক : Mega Bihu event : সৰুসজাইৰ বিহুকলৈ দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

Last Updated :Apr 11, 2023, 4:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.