ETV Bharat / state

Sonowal at Dibrugarh University: অসমৰ জাতীয় সংগীতৰে সোণোৱালক আদৰিলে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে

author img

By

Published : Dec 13, 2021, 5:24 PM IST

Updated : Dec 13, 2021, 5:45 PM IST

overseas-students-of-dibrugarh-university-performed-state-anthem-of-assam
সৰ্বানন্দ সোণোৱালক অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি শুনালে নাহৰৰ দেশৰ বিদেশী ছাত্ৰ-ছাত্ৰীয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিদেশী ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbannda Sonwal at Dibrugarh University) ৷ সোণোৱালৰ সৈতে অসমীয়াতে চা-চিনাকি হৈ অসমৰ জাতীয় সংগীত পৰিৱেশন কৰিলে সাত-সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশী ছাত্ৰ-ছাত্ৰী সকলে ৷

মৰাণ, 13 ডিচেম্বৰ : দেওবাৰে আৰম্ভ হৈছিল অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 52 তম বিশ্ববিদ্যালয় সপ্তাহৰ ৷ ইয়াৰ লগে লগে আৰম্ভ হ’ল বিশ্ববিদ্যালয়খনৰ চাৰি হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰে সমৃদ্ধ বিভাগ আৰু কেন্দ্ৰ সমূহৰ মাজত শ্ৰেষ্ঠত্বৰ মহাৰণ ৷ বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ ঘটিল ভি আই পি, ভি ভি আই পিৰ ৷

ভাৰত গৌৰৱ বক্সাৰ এম চি মেৰিকম (Boxer Marykom in Dibrugarh University) তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আৰম্ভণি হয় বিশ্ববিদ্যালয় সপ্তাহৰ (Sarbannda Sonwal at Dibrugarh University) ৷ বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সৰ্বানন্দ সোনোৱালে এই বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই আৰম্ভ কৰিছিল তেওঁৰ ৰাজনৈতিক জীবনৰ যাত্ৰা ৷ দীঘলীয়া সময়ৰ বিৰতিৰ পিছত নিজে পঢ়ি অহা বিশ্ববিদ্যালয়খনত উপস্থিত হৈ অভিভূত হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ৷

সৰ্বানন্দ সোণোৱালক অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি শুনালে নাহৰৰ দেশৰ বিদেশী ছাত্ৰ-ছাত্ৰীয়ে

ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্য কৰি বক্তৃতা প্ৰদান কৰাৰ পিছত সোণোৱালে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বিদেশী ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰা দেখা গ’ল ৷ উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত এই সকল বিদেশী ছাত্ৰ-ছাত্ৰীয়ে চৌহদৰ সৈতে সম্পৰ্ক গঢ়ি আদৰি লৈছে অসমীয়া ভাষা-সংস্কৃতি ।

বিদেশী ছাত্ৰ-ছাত্ৰী সকলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে অসমীয়া ভাষাতে চা-চিনাকি হোৱা দৃশ্যই আমোদ দিয়ে উপস্থিত সকলোৰে লগতে সৰ্বানন্দ সোণোৱালকো ৷ কেৱল ইমানেই নহয়, প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে চিনাকি পৰ্বৰ অন্তত আটাই কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে অসমৰ জাতীয় সংগীত (Sonowal welcomed with state anthem by international students) ৷

সাত-সাগৰ তেৰ নদীৰ সিপাৰৰ এই সকল ছাত্ৰ-ছাত্ৰীৰ কন্ঠৰ, 'অ’ মোৰ আপোনাৰ দেশ' ধ্বনিৰে মুখৰিত হ’ল নাহৰৰ দেশ ৷

লগতে পঢ়ক : Boxer MC Marykom in Dibrugarh : নাহৰৰ দেশত এম চি মেৰিকম

Last Updated :Dec 13, 2021, 5:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.