ETV Bharat / state

নামতোলাত আৰক্ষী আৰু আৱকাৰী বিভাগৰ যৌথ অভিযান

author img

By

Published : Jun 18, 2021, 10:42 PM IST

Operation against illegal wine at Sonar
নামতোলাত আৰক্ষী আৰু আৱকাৰী বিভাগৰ যৌথ অভিযান

ৰাজ্যত প্ৰতিখন জিলাৰ জিলা প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত শুকুৰবাৰে চুলাই মদৰ বিৰুদ্ধে আৱকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনে যৌথ অভিযান চলাই ৷ অভিযান কালত চুলাই ঘাটিৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় 1100 লিটাৰ চুলাই মদ আৰু ৪ টা চুলাই বনোৱা যন্ত্ৰ জব্দ কৰি ঘটনাস্থলীতে চুলাইখিনি নষ্ট কৰাৰ ওপৰিও কেইবাটাও গোচৰ ৰুজু কৰে।

মৰাণ, 18 জুন: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিখন জিলাৰ জিলা প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত শুকুৰবাৰে চুলাই মদৰ বিৰুদ্ধে আৱকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনে যৌথ অভিযান চলাই ৷ চৰাইদেউ জিলাৰ আৱকাৰী উপ-অধীক্ষক হোমেন গগৈৰ নেতৃত্বত আৰু নামতোলা আৰক্ষীৰ সহযোগত নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত অশ্বিনী বিলত অবৈধ দেশীয় -বিদেশী সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে যৌথ অভিযান চলাই আৰক্ষীয়ে ৷ অভিযান কালত চুলাই ঘাটিৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় 1100 লিটাৰ চুলাই মদ আৰু ৪ টা চুলাই বনোৱা যন্ত্ৰ জব্দ কৰি ঘটনাস্থলীতে চুলাইখিনি নষ্ট কৰাৰ ওপৰিও কেইবাটাও গোচৰ ৰুজু কৰে ।

নামতোলাত আৰক্ষী আৰু আৱকাৰী বিভাগৰ যৌথ অভিযান

উল্লেখ্য যে, জিলাৰ বিভিন্ন প্ৰান্তত লক ডাউনৰ সময়ছোৱাতে নতুনকৈ গঢ় লৈ উঠিছে বহুকেইটা চুলাই মদৰ ঘাটি ৷ আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে গলিয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ যি চুলাই সেৱন কৰি বহু ব্যক্তিৰ জীৱনলৈ অমানিশা নামি আহিছে সেই চুলাই মদৰ বিক্ৰী তথা সেৱনে জিলাখনত ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰাত ইয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সজাগ হোৱা দেখা গৈছে ৷

লগতে পঢ়ক: দুলীয়াজানত ড্ৰাগছ ব্যৱসায়ত নামিল অধিবক্তা

ইফালে, ক'ভিড-19 সংক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশ তথা ৰাজ্যত বলবৎ কৰা হৈছে লক ডাউন তথা আংশিক লক ডাউন ৷ আংশিক লক ডাউনৰ সময়ত যাতে কোনো লোকে অনাহকত আহিব নোৱাৰে তাৰ বাবে প্ৰশাসনৰ লোকে সকলো সময়তে সষ্টম হৈ থকা পৰিলক্ষিত হৈছিল যদিও একাংশ লোকে প্ৰশাসনৰ নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই লক ডাউন অমান্য কৰি মদ-জুৱাৰ আড্ডা পতা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: জামুগুৰিত দুই গভাইত চোৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.