ETV Bharat / state

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতেৰে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি গৃহভূমিত নয়না শইকীয়া

author img

By

Published : Sep 26, 2022, 10:11 PM IST

Nayana Saikia of Dibrugarh achieved National Award
ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ হাতেৰে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি গৃহভূমিত নয়না শইকীয়া

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতেৰে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি গৃহভূমিত উপস্থিত হয় নয়না শইকীয়া (Nayana Saikia of Dibrugarh achieved National Award) ৷ National Service Scheme ৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Draupadi Murmu) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নয়না শইকীয়ালৈ ৰাষ্ট্ৰীয় সেৱা যোজনা পুৰস্কাৰ-২০২০-২১ বঁটা প্ৰদান কৰে ৷

ডিব্ৰুগড়, 26 ছেপ্টেম্বৰ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতেৰে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি গৃহভূমিত উপস্থিত হয় নয়না শইকীয়া ৷ সোমবাৰে বিয়লি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় নয়না (Nayana Saikia of Dibrugarh achieved National Award) ৷

যোৱা 24 ছেপ্টেম্বৰত National Service Scheme ৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Draupadi Murmu) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নয়না শইকীয়ালৈ ৰাষ্ট্ৰীয় সেৱা যোজনা পুৰস্কাৰ-২০২০-২১ বঁটা প্ৰদান কৰে ৷

বঁটা গ্ৰহণ কৰি গৃহভূমিত উপস্থিত হোৱা নয়নাই ডিব্ৰুগড় বিমানবন্দৰত সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰে ৷ প্ৰতি বছৰে দেশৰ ৰাষ্ট্ৰপতিয়ে এন এছ এৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে শ্ৰেষ্ঠ স্বেচ্ছা সেৱকক বাছনি কৰি পুৰস্কাৰেৰে সন্মানিত কৰি আহিছে ৷

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতেৰে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি গৃহভূমিত নয়না শইকীয়া

এই বৰ্ষত অসমৰ দুগৰাকী এন এছ এছৰ স্বেচ্ছা সেৱকে এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই বঁটাত আছে মানপত্ৰ, ৰূপৰ পদক আৰু এক লাখ টকাৰ চেক ৷ ডিগবৈ টিংৰাইৰ ত্ৰিদীপ শইকীয়া আৰু সুৰভী শইকীয়াৰ কন্যা নয়না ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী ৷

বিশ্ববিদ্যালয়ৰ অমলপ্ৰভা দাস ছাত্ৰী নিৱাসৰ আৱাসী নয়না ডিগবৈ মহাবিদ্যালয়ৰ এন এছ এছৰ স্বেচ্ছাসেৱক আছিল ৷ ইফালে নয়নাৰ কৃতীত্বত উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিগবৈ মহাবিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰীসকল ৷

লগতে পঢ়ক: সাহিত্য সভাৰ কাৰ্যালয়ত ওলমিল তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.