ETV Bharat / state

মৰাণত দিন দুপৰতে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : May 1, 2021, 2:12 PM IST

মৰাণত দিন দুপৰতে সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ মৰাণৰ ব্যৱসায়ী জীৱন দত্তৰ পত্নী প্ৰমীলা দত্ত(৪৫)ক ঘৰত অকলশৰে থকা অৱস্থাত কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ পলায়ন কৰে ।

মৰাণত দিন দুপৰতে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড
মৰাণত দিন দুপৰতে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

মৰাণ, 1 মে’: শনিবাৰে মৰাণত দিন দুপৰতে সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ঘৰৰ ভিতৰতে কোনো অচিনাকি দুৰ্বৃত্তই হত্যা কৰি পলায়ন কৰে মহিলাক ৷

মৰাণত দিন দুপৰতে সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

ঘটনাৰ বিৱৰণি অনুসৰি মৰাণৰ ব্যৱসায়ী জীৱন দত্তৰ পত্নীক ঘৰত অকলশৰে থকা অৱস্থাত কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ পলায়ন কৰে । মৰাণৰ পিয়লি নগৰৰ মৃত প্ৰমীলা দত্ত(৪৫)ৰ ডিঙিত আঘাতৰ চিন স্পষ্ট বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, তিনিটাকৈ সন্তানৰ মাতৃ প্ৰমীলা দত্তক দিন দুপৰতে ঘৰৰ ভিতৰতে হত্যা কৰা ঘটনাই মৰাণত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.