ETV Bharat / state

সদ্যজাত সন্তানক মোনাত ভৰাই চিকিৎসালয়ৰ পৰা পলায়নৰ চেষ্টা মাতৃৰ

author img

By

Published : Aug 18, 2020, 6:17 PM IST

Mother tried to run away with infant form medical at Dibrugarh
সদ্যজাত সন্তানক মোনাত ভৰাই চিকিৎসালয়ৰ পৰা পলায়ন মাতৃৰ

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই আজব ঘটনা ৷

ডিব্ৰুগড়, 18 আগষ্ট: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আজব ঘটনা ৷ মঙলবাৰে পুৱাই নিজৰ সদ্যজাত কেচুৱাক মোনাত ভৰাই চিকিৎসালয় খনৰ পৰা পলায়নৰ চেষ্টা কৰে এগৰাকী মহিলাই ৷ কিন্তু পলায়নৰ চেষ্টা কৰাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত্ব কৰে মহিলা গৰাকীক ৷ তাৰ পাছতে পুনৰ সদ্যজাত আৰু মাতৃ গৰাকীক প্ৰসূতি বিভাগতে চিকিৎসাৰ ব্যৱস্থা কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষই ৷

Mother tried to run away with infant form medical at Dibrugarh
সদ্যজাত সন্তানক মোনাত ভৰাই চিকিৎসালয়ৰ পৰা পলায়নৰ চেষ্টা মাতৃৰ

উল্লেখ্য যে, যোৱা দেওবাৰে মহিলা গৰাকীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত জন্ম দিছিল এটি সন্তান ৷ ইয়াৰ পাছত সোমবাৰৰ দিনটো চিকিৎসালয়খনৰ প্ৰসুতি বিভাগতে পাৰ কৰাৰ পাছত মঙলবাৰে নিজৰ পুৱাই সদ্যজাত কেচুৱাটোক এটা মোনাত ভৰাই চিকিৎসালয়খনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল মহিলা গৰাকীয়ে৷ কি কাৰণে মহিলা গৰাকীয়ে এনেদেৰে নিজৰ সদ্যজাত সন্তানক মোনাত ভৰাই পলায়নৰ চেষ্টা কৰিছিল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও কৰ'ণাৰ আতংকৰ বাবেই শংকিত হৈ এনেধৰণৰ ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়কঃ গৃহভূমিতেই প্ৰতিবাদৰ সন্মুখীন হ'ব যতীন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.