ETV Bharat / state

Pijush Hazarika visited erosion sites : চাবুৱাৰ পুখুৰীজানত খহনীয়া পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

author img

By

Published : Oct 16, 2022, 10:18 PM IST

Minister Pijush Hazarika visited erosion of Chabua
চাবুৱাৰ পুখুৰীজানত খহনীয়া পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

বিগত কেইদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত খহনীয়াই লৈছে ভয়াৱহ ৰূপ (River erosion at Chabua) । দেওবাৰে চাবুৱাৰ পুখুৰীজানত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিলে খহনীয়া (Minister Pijush Hazarika visited erosion sites of Chabua) ।

মৰাণ, 16 অক্টোবৰ: ৰাজ্যৰ জনসাধাৰণক প্ৰতি বছৰে বানে জুৰুলা কৰি আহিছে (Flood hit people of Assam every year) । তাৰ সমান্তৰালভাৱে নৈপৰীয়া ৰাইজ সন্মুখীন হৈ আহিছে খহনীয়াৰ । চলিত বাৰিষাতো বানৰ লগতে খহনীয়াই ৰাজ্যত বিস্তৰ ক্ষতিসাধন কৰিছে । বিশেষকৈ বহুকেইখন নৈৰ ব্যাপক খহনীয়াৰ ফলত কৃষিভূমিৰ লগতে উছন গৈছে বহু পৰিয়ালৰ ভেটি-মাটি (Massive Erosion uprooted agricultural land and many families) ।

চাবুৱাৰ পুখুৰীজানত খহনীয়া পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

ইয়াৰ উপৰি এচাম জনপ্ৰতিনিধিয়ে নৈপৰীয়া ৰাইজক নিৰ্বাচনৰ আহিলা হিচাবে গ্ৰহণ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে । কিয়নো প্ৰতিটো নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি সকলে প্ৰতিশ্ৰুতি দিয়ে ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ । একেদৰে নৈপৰীয়া ৰাইজৰ দুৰ্ভোগ নিৰ্মূলৰ বাবে খহনীয়া প্ৰতিৰোধৰো আশ্বাস দিয়া হয় । কিন্তু পৰৱৰ্তী সময়ত পাহৰি যায় নিৰ্বাচনত দিয়া এই প্ৰতিশ্ৰুতিবোৰ ।

এইবাৰ খোদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ (Central Minister Sarbananda Sonowal) গৃহ পঞ্চায়ত বিন্ধাকটাত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া (Brahmaputra erosion at Chabua) । চাবুৱাৰ পুখুৰীজান, ৰাইডাং, ঐতিহাসিক মোমাই তামুলী পথটোলৈ অসহনীয় সংকট নমাই আনিছে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই ।

ইতিমধ্য চাবুৱাত ভয়াবহ গৰাখহনীয়াত ৰাইডাং গাঁওখন নদীৰ বুকুত জাহ গৈছে । বিগত কেইদিনমান ধৰি দিয়া নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত খহনীয়াই লৈছে ভয়াৱহ ৰূপ (River erosion at Chabua) । গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চাবুৱাৰ পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ পাৰত শনিবাৰে ৰাইজে সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰিছিল (Religious prayer to get rid of Brahmaputra erosion) ।

লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত স্থানীয় ৰাইজে পূজা কৰাৰ পিছত দেওবাৰে চাবুৱাৰ পুখুৰীজানত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিলে খহনীয়া (Minister Pijush Hazarika visited erosion of Chabua) । ইয়াৰ পিছতে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ সৈতে মন্ত্ৰীগৰাকীয়ে ৰাইজৰ লগত গৰাখহনীয়া প্ৰতিৰোধ সম্পৰ্কত মত বিনিময় কৰে । ব্যাপক খহনীয়া ৰোধৰ বাবে বিভাগৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Anup Chetia's daughter marriage: অসমৰ জোঁৱাই হোৱা হ'লে ময়ো ভাল পালোহেঁতেন: অনুপ চেতিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.