ETV Bharat / state

Mega geobag attempt to prevent floods : বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত দিনে নিশাই চলিছে প্ৰস্তুতি

author img

By

Published : Mar 7, 2023, 12:08 PM IST

বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত দিনে নিশাই চলিছে প্ৰস্তুতি ৷ সোমবাৰে বৰলুইতৰ পাৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ জিঅ’ বেগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ (Mega geobag attempt to prevent floods in Dibrugarh)৷

Mega geobag attempt to prevent floods
বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বাবে প্ৰস্তুতি

গৰাখহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত দিনে নিশাই চলিছে প্ৰস্তুতি

ডিব্ৰুগড়, 7 মাৰ্চ : বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত দিনে নিশাই চলিছে প্ৰস্তুতি ৷ খৰালি কালতো ডিব্ৰুগড়ত বৰলুইতৰ ভয়ংকৰ খহনীয়াক লৈ আতংকিত হৈ পৰিছে ডিব্ৰুগড়ৰ ৰাইজ । ডিব্ৰুগড়ত সংঘটিত ভয়ংকৰ গৰাখহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়া শ্ৰমিকসকলে দিনে নিশাই চলাইছে নিৰন্তৰ চেষ্টা (Erosion of Brahmaputra river in Dibrugarh) ।

দুদিন পূৰ্বে চহৰখনৰ কাছাৰীঘাটত ভয়ংকৰ খহনীয়াত জাহ গৈছিল ৫০ মিটাৰৰো অধিক ভূমি । উটুৱাই লৈ গৈছিল জিঅ'বেগ । ইফালে চহৰখনৰ একমাত্ৰ সুৰক্ষা বান্ধটো মাত্ৰ ৩০ মিটাৰ দূৰত্বত অৱস্থিত । সুৰক্ষা বান্ধটো ছিঙিলেই যিকোনো মুহূৰ্ততে ডিব্ৰুগড় চহৰলৈ প্ৰৱেশ কৰিব পাৰে ব্ৰহ্মপুত্ৰৰ পানী । সেয়েহে এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ জনসাধাৰণক বিপদৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলে শ্ৰমিকসকলৰ লগত দিনে-নিশাই ব্যস্ত হৈ পৰা দেখা গৈছে ।

ইতিমধ্যে মেগা জিঅ'বেগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰিবনে নাই সেই কথা এতিয়াও নিশ্চিত ৰূপত ক'ব পৰা হোৱা নাই । উল্লেখ্য যে, এই স্থানতে কেন্দ্ৰীয় চৰকাৰৰ কোটি টকীয়া শিশু উদ্যানৰ নিৰ্মাণ কাৰ্য চলি আছে‌ । উদ্যানৰ নিৰ্মাণ চলি থকাৰ মাজতে সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াই উদ্বিগ্ন কৰিছে চহৰবাসীক । দুটা দিনৰ পূৰ্বে নিশাৰ ভাগত হঠাৎ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত চহৰখনৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত দিনে-নিশাই শ্ৰম কৰিবলগীয়া হৈছে ।

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে নিজেই দিনে নিশাই সমগ্ৰ ব্যৱস্থাপনা বুজ লৈ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিছে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে । সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে গৰাখহনীয়াস্থলীত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থাপনাৰ বুজ লোৱা পৰিলক্ষিত হয় । আনহাতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ডিব্ৰুগড়ৰ এই ভয়ংকৰ গৰাখহনীয়াৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি বিভাগক ইয়াৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে (Threat to Dibrugarh town) ।

লগতে পঢ়ক : AAP Protest against price hike: মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, গৰাখহনীয়াৰ প্ৰকোপ খৰালিৰ সময়তেই বৃদ্ধি হোৱাত এতিয়া অধিক চিন্তিত হৈ উঠিছে ডিব্ৰুগড়ৰ ৰাইজ । কিয়নো ডিব্ৰুগড়ৰ সুৰক্ষাৰ বান্ধলৈ এতিয়া কেইমিটাৰ মানহে বাকী আছেগৈ । তেনেস্থলত বাৰিষাৰ সময়ত খহনীয়াই যে বিপদ মাতিব সেই কথা প্ৰায় নিশ্চিত হৈ উঠিছে । আজিৰ দিনত জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত অধিক তৎপৰতা দেখুৱাইছে যদিও কিমান সফল হয় সেইয়া সময়তহে পৰিলক্ষিত হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.