ETV Bharat / state

পূজাৰ আনন্দ উল্লাসৰ মাজতে দুই পত্নীক এৰি ক'ত গ'ল বৰুৱা ?

author img

By

Published : Oct 13, 2021, 8:48 PM IST

পূজাৰ আনন্দ উল্লাসৰ মাজতে স্বামী বৰুৱাক বিচাৰি হাহাকাৰ কৰিছে দুই পত্নীয়ে । দুই পত্নীৰ অভিযোগ অনুসৰি, তৃতীয় গৰাকী প্ৰেয়সীক লগত লৈ অন্তৰ্ধান হৈছে বৰুৱা ৷

man flee with girlfriend leaving two wives
পূজাৰ আনন্দ উল্লাসৰ মাজতে দুই পত্নীক এৰি ক'ত গ'ল বৰুৱা ?

মৰাণ, 13 অক্টোবৰ : ৰাজ্যৰ চাৰিওফালে পূজাৰ আনন্দ ৷ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ সকলো প্ৰান্ততে বুধবাৰে পালন কৰা হৈছে মহা অষ্টমী ৷ কিন্তু দুৰ্গোৎসৱৰ এই আনন্দ উল্লাসৰ মাজতে মৰাণৰ চেপন চকলিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷

পূজাৰ আনন্দ উল্লাসৰ মাজতে দুই পত্নীক এৰি ক'ত গ'ল বৰুৱা ?

পূজাৰ আনন্দ উল্লাসৰ মাজতে স্বামীক বিচাৰি হাহাকাৰ কৰিছে দুই পত্নীয়ে । দুই পত্নীৰ অভিযোগ অনুসৰি, দুগৰাকী পত্নী থকাৰ পাচতো তৃতীয় গৰাকী প্ৰেয়সীক লগত লৈ যোৱা দিন ধৰি নিখোজ হৈ আছে স্বামী মহেন্দ্ৰ বৰুৱা ৷ জানিব পৰা মতে, ৪৭ বছৰীয়া মহেন্দ্ৰ বৰুৱাৰ প্ৰথমা পত্নীৰ 22 বছৰীয়া এগৰাকী কন্যা আৰু ১৮ বছৰীয়া এটা ল'ৰা সন্তান আছে ।

আনহাতে, দ্বিতীয়া পত্নীৰ আছে এটি ৬ বছৰীয়া শিশু । ইয়াৰ পাচতো নিজকে সংযত কৰিব পৰা নাই স্বামী মহেন্দ্ৰ বৰুৱাই ৷ তদুপৰি প্ৰেমিকাৰ পৰিয়ালে মহেন্দ্ৰ বৰুৱাক বিচাৰি ঘৰত খবৰ-খাতি লোৱাৰ পাচতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনাটো ৷

লগতে পঢ়ক : বোকাখাতত বলিৰ বাবে আগবঢ়োৱা 2 ম'হ মেলি দিয়া হ'ব কাজিৰঙাত

পৰিয়ালৰ লোকে ইফালে-সিফালে খবৰ-খাতি কৰিছে যদিও আজিও কোনো সন্ধান নাই মহেন্দ্ৰ বৰুৱাৰ ৷ পৰিয়ালৰ লোকে সদৰী কৰা মতে, বজাৰ কৰিবলৈ যাওঁ বুলিয়ে গৈছিল দুই পত্নীৰ স্বামীৰ মহেন্দ্ৰ বৰুৱা ৷ মহেন্দ্ৰৰ এনে কৰ্মৰ বাবে এতিয়া উপায়ন্ত হৈ পৰিছে পূৰ্বৰ দুই পত্নী ৷

কি কৰিব, ক’লৈ যাব ! ল'ৰা-ছোৱালীৰ কেইটাৰ ভৰণ-পোষণৰ পৰা আৰম্ভ কৰি পঢ়া-শুনালৈকে বহু কথাই জুমুৰি ধৰিছে ভুক্তভোগী দুই পত্নীক ৷ উপায়হীন দুই পত্নীয়ে অৱশেষত গাঁৱৰে দুগৰাকী মান মহিলাক লগত লৈ মৰাণ আৰক্ষী থানাত মহেন্দ্ৰ বৰুৱাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৷ দুই পত্নীৰ এটাই দাবী কোনোমতে মহেন্দ্ৰ বৰুৱাক বিচাৰি দিব লাগে ৷

লগতে পঢ়ক : গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.