ETV Bharat / state

Lurinjyoti Gogoi reacts on child marriage : মানৱীয় বিষয় পৰ্যালোচনা নকৰাকৈ চৰকাৰে সিদ্ধান্ত লৈছে: লুৰীণজ্যোতি গগৈ

author img

By

Published : Feb 5, 2023, 6:26 PM IST

বাল্যবিবাহ সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্তক লৈ তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ (Lurinjyoti Gogoi reacts on child marriage)। মানৱীয় বিষয় পৰ্যালোচনা নকৰাকৈ চৰকাৰে সিদ্ধান্ত লৈছে বুলিও অভিযোগ কৰিছে নেতাগৰাকীয়ে । চৰকাৰে ব্যৰ্থতাৰ প্ৰমাণো দিছে ।

Operation against child marriage
বাল্যবিবাহ সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

বাল্যবিবাহ সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

মৰাণ,৫ ফেব্ৰুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে । নিশাৰ ভিতৰতে জিলা জিলাই ৰুজু হৈছে শ শ গোচৰ (Operation against child marriage in Assam)। বাল্যবিবাহৰ গোচৰৰ ভিত্তিত প্ৰায় প্ৰতিখন থানাতে আটক হৈছে বহু লোক । লগে লগে ৰাজ্যজুৰি এই বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বহুতে চৰকাৰৰ পদক্ষেপত সমৰ্থন জনোৱা বিপৰীতে একাংশই আকৌ চৰকাৰৰ হঠকাৰী সিদ্ধান্তক লৈ সমালোচনাও কৰিছে ।

বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপ বিৰোধীয়েও সমৰ্থন কৰিছে যদিও যিধৰণে লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে তাক লৈ সন্তুষ্ট নহয় ৰাজ্যৰ বিভিন্ন বিৰোধী দল (Oppositions slams BJP on child marriage row)। এই পদক্ষেপক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ দ্বাৰা বহু পৰিয়াল ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে বুলি দাবী কৰিছে লুৰীণজ্যোতি গগৈয়ে । তেওঁৰ মতে মানৱীয় আৰু আন আন বিষয় পৰ্যালোচনা নকৰাকৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মৰাণৰ এক অনুষ্ঠানত উপস্থিত থাকি দেওবাৰে নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে (Lurinjyoti Gogoi slams Assam CM)। বাল্য বিবাহ আইন সম্পৰ্কত কোনোধৰণৰ নীতি-নিৰ্দেশনা নোহোৱাকৈ হঠাৎ এনেদৰে বলবৎ কৰাৰ ফলত বহু পৰিয়ালক ভয়াৱহ ভৱিষ্যতৰ দিশলৈ ঠেলি দিয়া বুলি তেঁও অভিযোগ কৰে । লুৰীণজ্যোতি গগৈয়ে কয় যে বাল্যবিবাহ আইন বহুদিনৰ পৰাই আছে, কিন্তু কোনো এখন চৰকাৰে কাৰ্যকৰী কৰিব পৰা নাই ৷ কিন্তু হঠাৎ এটা নিশাৰ ভিতৰতে আইনখন প্ৰণয়ন কৰি বৰ্তমানৰ চৰকাৰখনে অমানৱীয় আচৰণ কৰিছে ৷ ইফালে ইয়াৰ দ্বাৰা চৰকাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলিও তেওঁ অভিযোগ কৰিছে ।

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বৃহস্পতিবাৰে নিশাৰ পৰা সমগ্ৰ ৰাজ্যতে চলিছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । অসম আৰক্ষীয়ে অভিযান চলাই বিভিন্ন স্থানত বাল্য বিবাহৰ লগত জড়িত ২০০০ৰো অধিক লোকক আটক কৰিছে (Case registered in Assam against child marriage)। একে সময়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বহু স্থানত প্ৰতিবাদো সাব্যস্ত কৰিছে একাংশ লোকে (Public protest against Assam Police)।

পৰিয়ালৰ সদস্যক আটক কৰাৰ লগে লগে বহু মহিলা ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । সমান্তৰালকৈ মাজুলীকে ধৰি বহু স্থানত আকৌ আটকাধীন লোকসকলক জামিনত মুকলি কৰিও দিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Crackdown Against Child Marriage: কোলাত কেঁচুৱা লৈ স্বামীক মুক্তিৰ দাবী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.