ETV Bharat / state

প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৃষক নেতা দীপনজ্যোতি ফুকনক

author img

By

Published : Dec 4, 2020, 12:57 PM IST

Updated : Dec 4, 2020, 1:02 PM IST

কৃষক নেতা দীপনজ্যোতি ফুকনক গ্রেপ্তাৰক লৈ সমগ্ৰ ডিব্ৰুগড় জিলাত ব্য়াপক প্ৰতিক্ৰিয়া ৷ 2 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন, কৃষি আইন আৰু পৰিৱেশ বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে প্ৰতিবাদস্থলীৰ পৰাই কৃষক নেতাজনক গ্ৰেপ্তাৰ টেঙাখাট আৰক্ষীৰ ৷

kmss leader arrested
কৃষক নেতা দীপনজ্যোতি ফুকনক গ্ৰেপ্তাৰ

মৰাণ,4 ডিচেম্বৰ : ডিব্ৰুগড়ৰ টেঙাখাটত প্রতিবাদস্থলীৰ পৰাই কৃষক নেতা দীপনজ্যোতি ফুকনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ৷ কৃষক নেতাজনৰ গ্রেপ্তাৰক লৈ সমগ্ৰ ডিব্ৰুগড়ত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

উল্লেখ্য যে, 2 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন, কৃষি আইন আৰু পৰিৱেশ বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তেই প্ৰতিবাদস্থলীৰ পৰা কৃষক নেতা দীপনজ্যোতি ফুকনক গ্রেপ্তাৰ কৰে টেঙাখাট আৰক্ষীয়ে ৷

আনহাতে, কৃষক নেতাজনক গ্রেপ্তাৰ কৰাৰ পাচতেই বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ন্যায়িক আদালতত হাজিৰ কৰি তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : হাওৰাঘাটত ভয়াবহ পথ দুৰ্ঘটনাত মহিলাসহ আহত চাৰি

Last Updated : Dec 4, 2020, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.