ETV Bharat / state

পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ত অপহৰণৰ ঘটনা

author img

By

Published : Oct 23, 2020, 5:43 PM IST

kidnapping  during puja at dibrugarah
পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ত অপহৰণৰ ঘটনা

শাৰদীয় দূৰ্গোৎসৱৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ ঘটনা। অপহৰণ কৰি অকথ্য নিৰ্যাতন চলোৱাৰ লগতে ধনদাবী। মাজনিশা গছত বান্ধি আক্ৰমণ। উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ দুৰ্বৃত্তৰ।

ডিব্ৰুগড়,23 অক্টোবৰঃ ডিব্ৰুগড়ৰ জিলাৰ লাহোৱাল থানাৰ অন্তৰ্গত টিমনা অগ্নিপথাৰ ইটাভাটাত অপহৰণ কৰি মাজনিশা অকথ্য নিৰ্যাতন যুৱকক। লাহোৱালৰ পৰা অপহৰণ কৰি অতি ভিতৰুৱা অঞ্চলৰ এটা ইটাভাটাত এজোপা গছত বান্ধি ধনদাবীৰে অকথ্য শাৰীৰিক নিৰ্যাতন চলাইচিল অপহৰণকাৰীয়ে।

kidnapping  during puja at dibrugarah
পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ত অপহৰণৰ ঘটনা

ঘটনা অনুসৰি তিনিচুকীয়া জিলাৰ নপুখুৰী অঞ্চলৰ তাপস বৰপুজাৰী আৰু তিনিচুকীয়াৰ শুকান পুখুৰীৰ শংকৰ জয়শ্ৰী নামৰ দুই যুৱ ব্যৱসায়ীক AS 061 0105 নম্বৰৰ এখন বিলাসী বাহনত অপহৰণ কৰে দুৰ্বৃত্তই। নিশা এজোপা গছত হাত, ভৰি বান্ধি সাতলাখ টকা বিচাৰি মাৰধৰ কৰিছিল চাৰি অপহৰণকাৰীয়ে । ইপিনে গোপন সূত্ৰৰ পমখেদি লাহোৱাল আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে আক্ৰমণ কৰিলে আৰক্ষীকো। আৰক্ষীৰ পিষ্টল পৰ্য্যন্ত কাঢ়ি নিয়াৰ চেষ্টা কৰে অপহৰণকাৰীৰ দলটোৱে। অৱশ্যে অতি তৎপৰতাৰে আৰক্ষীয়ে যুৱক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পূজাৰ আনন্দৰ মাজতে ডিব্ৰুগড়ত অপহৰণৰ ঘটনা

আনহাতে উক্ত ঘটনাত জড়িত ৪ জন অপহৰণকাৰীক লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে অপহৰণ কাৰ্যত ব্যৱহৃত গাড়ীখন জব্দ কৰে। অপহৃত যুৱক দুজনৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধী আইনৰ ৩৪২/৩৮৭/ ৩২৫/ ৫০৬/৪২৭/৩৪ ধাৰাৰ অধীনত ২৩৩/২০ নং গোচৰ পঞ্জীয়ন কৰি মহম্মদ চাহানুজ হুছেইন (২৭)আবাদুল হুচেইন (৬৫)মহম্মদ চাৰাউদ্দিন আলি (২৭)মহম্মদ চমিৰ আনচাৰি (৪৪) নামৰ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ইটাভাটাটোৰ স্বত্বাধীকাৰী মহম্মদ আবাদুল হুছেইন সহ-আটাইকেইজনে মাজনিশা যুৱক কেইজনক উদ্ধাৰ কৰিবলৈ যোৱা অৱস্থাত আৰক্ষী দলৰ উপৰতো আক্ৰমণ কৰে। আক্ৰমণৰ ফলত আৰক্ষী উপ পৰিদৰ্শক দিব্যজ্যোতি কোঁৱৰসহ আন এজন কনিষ্টবল আহত হোৱাৰ লগতে আৰক্ষীৰ পিষ্টল কাঢ়ি লবলৈ চেষ্টা কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে চাৰিওজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা লগতে অপহৃত যুৱক দুজনক মুকলাই আনিবলৈ সক্ষম হয়।

লগতে পঢ়কঃঅন্ত পৰা নাই কমলনাথ-ইমাৰ্তী দেৱীৰ ঠাট্টাৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.