ETV Bharat / state

দুলীয়াজানত ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

author img

By

Published : Jun 16, 2021, 10:36 PM IST

তৈল নগৰী দুলীয়াজানৰ ক'ভিড (Covid 19) পৰিস্থিতি এতিয়াও অনিয়ন্ত্ৰিত ৷ দুলীয়াজানৰ অইল হাস্পতাল (Duliajan Oil hospital) ৰ চৌহদত পৰ্যালোচনা সভা ৷ জনবহুল অঞ্চলসমূহত ব্যাপক ক'ভিড পৰীক্ষা আৰু টীকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ ৷

health-department-concerned-over-covid-situation-in-duliajan
দুলীয়াজানত ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

মৰাণ, 16 জুন : সমগ্ৰ ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছিল যদিও তৈল নগৰী দুলীয়াজানৰ ক'ভিড পৰিস্থিতি এতিয়াও অনিয়ন্ত্ৰিত হৈ আছে । দুলীয়াজানৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ আৰু প্ৰশাসন ।

দুলীয়াজানৰ ক'ভিড পৰিস্থিতিক লৈ বুধবাৰে দুলীয়াজানৰ অইল হাস্পতাল (Duliajan Oil hospital)ৰ চৌহদত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় । য'ত ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শান্তনা বৰা সহিতে টেঙাখাটৰ চক্ৰ বিষয়া মিনাৰ্ভা দেৱী আৰমবাম, টেঙাখাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া কুলেন গোহাঁই আৰু দুলীয়াজান অইল হাস্পতালৰ স্বাস্থ্য বিষয়াসকল উপস্থিত থাকে ।

সভাত জনবহুল অঞ্চলসমূহত ব্যাপক ক'ভিড পৰীক্ষা আৰু টীকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে ক'ভিড নীতি নিয়ম পালন কৰাৰ ক্ষেত্ৰত প্ৰশাসনক কঠোৰভাৱে দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাই স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়ক : বিতৰ্কিত ভাষণৰ পাৰ্শ্বক্ৰিয়া : জেৰাৰ সন্মুখীন মিথুন চক্ৰবৰ্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.