ETV Bharat / state

Dibrugarh All India Radio: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰতিবাদ গণনাট্য সংঘৰ

author img

By

Published : Oct 26, 2022, 4:25 PM IST

প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে ২৬ অক্টোবৰৰ পৰা বন্ধ কৰিছে অসমীয়া নিউজ বুলেটিনখন(AIR Dibrugarh's Assamese News Bulletin) । প্ৰসাৰ ভাৰতীৰ এই সিদ্ধান্তৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । প্ৰসাৰ ভাৰতীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰতিবাদ সাব্যস্ত কৰে গণনাট্য সংঘই ৷

Dibrugarh All India Radio
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰতিবাদ গণনাট্য সংঘৰ

ডিব্ৰুগড়, ২৬ অক্টোবৰ : আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি সম্প্ৰচাৰ বন্ধৰ সিদ্ধান্তক বিৰোধিতাৰে আজি অৰ্থাৎ বুধবাৰে ভাৰতীয় গণনাট্য সংঘই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত (Dibrugarh All India Radio) ২৬ অক্টোবৰৰ পৰা বন্ধ কৰা হৈছে অসমীয়া নিউজ বুলেটিন । প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এক জাননী জাৰি কৰি এই কথা সদৰী কৰিছিল ।

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰতিবাদ গণনাট্য সংঘৰ

প্ৰসাৰ ভাৰতীৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন শ্ৰোতাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে । উজনি অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰচাৰ ভাৰতীয়ে লোৱা সিদ্ধান্তৰ বাবে ক্ষোভিত হৈ পৰিছে ৷ ইয়াৰ বিৰুদ্ধে এতিয়া অব্যাহত ৰাখিছে প্ৰতিবাদ ।

ডিব্ৰুগড়ৰ কেন্দ্ৰটোৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত সম্প্ৰচাৰ হোৱা ৫ মিনিটৰ আঞ্চলিক বাতৰি বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবীত গণনাট্য সংঘই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত এই প্ৰতিবাদ সাব্যস্ত কৰে(Assamese news bulletin to closed at Dibrugarh AIR) ৷ দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিছতো কেন্দ্ৰটোৰ একমাত্ৰ আঞ্চলিক ভাষাৰ সম্প্ৰচাৰ বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰহণ কৰা নীৰৱ ভূমিকাক সমালোচনা কৰে গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে ।

জাতি-মাটি-ভেঁটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক অতি শীঘ্ৰে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে(Gana natya sangha protest in Dibrugarh) । প্ৰতিবাদী কাৰ্যসূচীত গণনাট্য সংঘৰ কাৰ্যকৰী সভাপতি শৰৎ চন্দ্ৰ নেওগ, প্ৰণৱ শইকীয়াৰ উপৰিও বিশিষ্ট লেখিকা জুৰী বৰা বৰগোহাঞিয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰচাৰ কৰি আহিছিল । সুদীৰ্ঘ সময়ধৰি প্ৰচাৰ হৈ অহা এই আঞ্চলিক বাতৰি এক আৱেগত পৰিণত হৈছে । কিন্তু এনে সময়ত চৰকাৰে লোৱা এই সিদ্ধান্তই সমগ্ৰ অসমবাসীকে অসন্তুষ্ট কৰি তুলিছে । ইফালে ২০২০ চনতো চৰকাৰে আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড় বন্ধ কৰাৰ এক ষড়যন্ত্ৰ কৰিছিল । সেই সময়ত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।

লগতে পঢ়ক: Dibrugarh All India Radio : আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া নিউজ বুলেটিন বন্ধ হোৱাত অসন্তুষ্ট মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.