ETV Bharat / state

Veteran Congress leader Sarat Barkataki: আজি সোণাৰিত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:56 AM IST

Updated : Oct 31, 2023, 12:45 PM IST

Veteran Congress leader Sarat Barkataki
আজি সোণাৰিত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ

পাঁচবাৰৰ বিধায়ক, প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীক অশ্ৰুসিক্ত নয়নে আজি শেষ বিদায় জনাব সোণাৰিৰ ৰাইজে ৷ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ বৰ্ষীয়ান নেতাগৰাকীক শেষ দৰ্শনৰ বাবে তেওঁৰ বাসগৃহত ভিৰ কৰিছেহি অগণন গুণমুগ্ধই ৷

আজি সোণাৰিত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ

ডিব্ৰুগড়, ৩১ অক্টোবৰ: আজি পঞ্চভূতত বিলীন হ’ব প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকী ৷ অগণন গুণমুগ্ধৰ উপস্থিতিত আজি ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ । প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ মৃত্যুত তেওঁৰ গৃহভূমি সোণাৰি সমষ্টিৰ লগতে সমগ্ৰ চৰাইদেউ জিলাখনতে শোকৰ ছাঁ পৰিছে । সোমবাৰে নিশা ১ বজাত তেওঁৰ মৃতদেহ সোণাৰিৰ নিজা বাসগৃহত আহি পোৱাৰ পিচৰে পৰা জিলাখনৰ বিভিন্ন ঠাইৰ গুণমুগ্ধ ৰাইজে আহি তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছে ।

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ১৯৯১ চনৰ পৰা ২০১৬ চনলৈ ৫ বাৰকৈ সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচত হৈছিল ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বিৰুদ্ধে সোণাৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয় ৷ সোণাৰিৰ বিধায়ক হৈ থকা সময়তে তেওঁ সমষ্টিটোৰ উন্নয়নৰ বাবে সম্ভৱত সকলো পদক্ষেপ গ্ৰহণ কৰিছিল ৷ বিশেষকৈ চৰাইদেউ মহকুমাক জিলা হিচাপে গঠন কৰাত কংগ্ৰেছ নেতাগৰাকীৰ অৱদান চৰাইদেউবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব ৷

প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত গড়কপ্টানী মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল বৰকটকীয়ে । ২০১৫ চনত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্বতো আছিল তেওঁ ৷ দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকী ৷ বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকী ১৬ অক্টোবৰৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ অৱশেষত দেওবাৰ মাজনিশা প্ৰায় ১.৩৬ বজাত ৮৮ বছৰ বয়সত চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে । মৃত্যুৰ পূৰ্বে নেত্ৰদান কৰি গৈছে শৰৎ বৰকটকীয়ে ৷

শৰৎ বৰকটকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ উপৰি বিভিন্ন দল-সংগঠনসমূহেও শোক প্ৰকাশ কৰিছে ৷ আজি সোণাৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শেষ শ্ৰদ্ধা জনাব । আজি পুৱা দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাচত সোণাৰিৰ ৰাজীৱ ভৱনলৈ নিয়া হ’ব তেওঁৰ নশ্বৰদেহ ৷ ইয়াৰ পাচত ক্ৰমে সোণাৰি কলেজ, সোণাৰি কৰ্মাচ কলেজ, ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব ৷

  • জ্যেষ্ঠ ৰাজনীতিবিদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ডাঙৰীয়াৰ প্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ৷ এগৰাকী দক্ষ ৰাজনীতিবিদ তথা নিকা ব্যক্তিত্বৰ অধিকাৰী বৰকটকী ডাঙৰীয়াক বহু বছৰ সতীৰ্থ হিচাপে পাওঁতে তেখেতৰ পৰা বিভিন্ন কথা শিকিবলৈ পাইছিলোঁ৷ তেখেতৰ মৃত্যু অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক… pic.twitter.com/bc90FqrsSF

    — Himanta Biswa Sarma (@himantabiswa) October 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিয়লি প্ৰায় ১.৩০ বজাত টাউকাক নৈৰ দলঙৰ সমীপত তেওঁক ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৷

লগতে পঢ়ক: Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

Last Updated :Oct 31, 2023, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.