ETV Bharat / state

বাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে

author img

By

Published : Jun 11, 2020, 6:02 PM IST

Updated : Jun 11, 2020, 6:47 PM IST

A_dib_801to804_update_story_from_Durlav_Gogoi's_home_7203913
A_dib_801to804_update_story_from_Durlav_Gogoi's_home_7203913

ঘৰ খনৰ একমাত্ৰ পুত্ৰক হেৰুৱাই দিকবিদিক হেৰুৱাই পেলাইছে দুৰ্লভ গগৈৰ পিতৃয়ে ৷ অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তথা এগৰাকী সুদক্ষ খেলুৱৈ দুৰ্লভ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰিলে পৰিয়ালবৰ্গই ৷

ডিব্ৰুগড়, 11 জুনঃ প্ৰায় 6 মাহ পূৰ্বে পত্নীক হেৰুৱাইছিল ৷ ঘৰ খনত তেনেই বিৰাজ কৰি আছিল শোকৰ ছাঁ ৷ তেনে সময়তে ঘৰখনলৈ পুনৰ আহিল এক দুঃসংবাদ ৷ ঘৰ খনৰ একমাত্ৰ পুত্ৰক হেৰুৱাই এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে দুৰ্লভ গগৈৰ পিতৃয়ে ৷ বাঘজানৰ তৈলখাদৰ অগ্নি নিৰ্বাপন কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লৈছিল, অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তথা এগৰাকী সুদক্ষ খেলুৱৈ দুৰ্লভ গগৈয়ে ৷

দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে

পুত্ৰক হেৰুৱাই এতিয়া ভাগি পৰিছে ঘৰখন ৷ পুত্ৰ অকাল মৃত্যুক সহজভাবে ল'ব পৰা নাই দুৰ্ভগীয়া পিতৃ ভৱ গগৈয়ে ৷ অইল ইণ্ডিয়াৰ ভুলৰ বাবেই দুৰ্লভৰ প্ৰাণ যোৱাৰ অভিযোগ পৰিয়ালৰ ৷ সাংবাদিকৰ আগত দুৰ্লভৰ মৃত্যুৰ বাবে অইল ইণ্ডিয়াক জগৰীয়া কৰিলে অসহায় পৰিয়ালৰ লোকে ৷ বিচাৰিলে দুৰ্লভৰ মৃত্যুৰ বাবে ন্যায় ৷

লগতে পঢ়কঃ ক্ষতিপূৰণৰ ব্যৱস্থা বাঘজানৰ ভুক্তভোগীলৈ:সৰ্বানন্দ সোণোৱাল

Last Updated :Jun 11, 2020, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.