ETV Bharat / state

ক্ষতিপূৰণৰ ব্যৱস্থা বাঘজানৰ ভুক্তভোগীলৈ:সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jun 11, 2020, 4:58 PM IST

Updated : Jun 11, 2020, 5:16 PM IST

বাঘজানৰ অগ্নিকাণ্ডই ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ চতিয়াত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাঘজানৰ অগ্নিকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

reaction of CM Sarbananda Sonowal on Baghjan tregedy sootea biswanath assam etv bharat news
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

চতিয়া,11 জুন: বৃহস্পতিবাৰে চতিয়াত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বাঘজানৰ অগ্নিকাণ্ডৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে এই অগ্নিকাণ্ডৰ ফলত বাঘজানৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি কঢ়িয়াই অনাৰ বিষয়ে ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

সম্প্ৰতি অগ্নিৰ লেলিহান শিখাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷ বৰ্তমানলৈকে প্ৰায় ৫০ৰো অধিক ঘৰ পুৰি ছাৰখাৰ হৈছে অঞ্চলটোত ৷ এইপৰ্যন্ত জুই সম্প্ৰসাৰিত হৈছে ন ন অঞ্চললৈ ৷ চতিয়াত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে বাঘজান অগ্নিকাণ্ডৰ তদন্তৰ পোষকতা কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে ।

লগতে চাওকঃ ছয়গাঁৱত স্বাস্থ্যকৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ

Last Updated : Jun 11, 2020, 5:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.