ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, কন্দোৱা গেছ,লাঠি লৈ সস্তম আৰক্ষী

author img

By

Published : Sep 10, 2019, 7:06 AM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, কন্দোৱা গেছ,লাঠি লৈ সস্তম আৰক্ষী

মাজনিশা উত্তপ্ত পৰিস্থিতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত । মুখলধাৰ বৰষুণৰ মাজতে উত্তাল প্ৰতিবাদ এবিভিপি গ'বেক ধ্বনি ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত উপ-আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ দল, মোতায়েন চি আৰ পি এফ জোৱান ৷ পৰিস্থিতি অধিক অৱনতি ঘটাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কন্দোৱা গেছ, লাঠি সহ সস্তম আৰক্ষীৰ প্ৰশাসনিক দল ৷

ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ: বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মনোনয়ন দাখিল তথা নিৰ্বাচনী বিষয়াৰ পদত্যাগৰ কথা চলি থকাৰ মাজতে পুনৰ নিৰ্বাচন কেন্দ্ৰীক মাৰপিটৰ ঘটনাই জোঁকাৰি গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ এইবাৰ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়োৱা আছু সমৰ্থিত প্ৰাৰ্থীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতাই বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ জ্যোতি বাটচ'ৰাৰ সন্মুখত ভয়-ভাবুকিৰ লগতে আক্ৰমণ কৰাৰ গুৰুত্বৰ অভিযোগ । ঘটনা সন্দৰ্ভত দাখিল কৰা হয় এজাহাৰ ৷ সোমবাৰে সন্ধিয়া সংঘটিত এই ঘটনাৰ পাচতে মাজনিশালৈকে উত্তপ্ত হয় বিশ্ববিদ্যালয়ৰ পৰিস্থিতি ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, কন্দোৱা গেছ,লাঠি লৈ সস্তম আৰক্ষী

আনহাতে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আছু আৰু অন্যান্য দলসমূহৰ মাজত সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সোমবাৰে সন্ধিয়া এবিভিপিৰ কেইজনমান সদস্যই আছুৰ সমৰ্থিত প্ৰাৰ্থীজনক মাৰধৰ কৰাৰ লগতে টকাৰ প্ৰলোভনেৰে নিৰ্বাচনৰ প্ৰাৰ্থী ক্ৰয় কৰিবলৈ অহাৰো অভিযোগ উঠিছে এবিভিপিৰ বিৰুদ্ধে ৷ এনে ঘটনাৰ বাবেই সৃষ্টি হয় বিশ্ববিদ্যালয় আছু গোট আৰু এবিভিপিৰ মাজত সংঘাত ৷

এই ঘটনাৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়ৰ চৌহদত ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ হ'ব নিদিওঁ বুলি দাবী কৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল বিশ্ববিদ্যালয়ৰ আছু গোটে । দেওবাৰৰ সংঘাতৰ চি চি টিভি ফুটেজ বিচাৰি নিশা বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰালৈ ওলাই আহে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একটা সভাৰ(PGSU) একাংশ সদস্যৰ লগতে বিষয়ববীয়া । কিন্তু ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়াৰ বাবেই আৰক্ষী উপস্থিত হৈ তদন্তৰ বাবে ফুটেজ সমূহ জব্দ কৰাৰ লগতে PGSUক সেই ফুটেজ দেখুওৱাবলৈ অমান্তি হয় আৰক্ষী ৷ ইয়াকে লৈ পুনৰ উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয় চৌহদ ৷ অন্যহাতে, এবিভিপি সমৰ্থিত এজন যুৱকে বিশ্ববিদ্যালয়ত ভগ্নীৰ নামভৰ্তিৰ বাবে অহাৰ সময়তে আছুৰ একাংশই আক্ৰমণ কৰা বুলি কোৱা এক ভিডিঅও ভাইৰেল হৈছে চচিয়েল মিডিয়াত ৷ মাজনিশা লৈকে নজীৰবিহীন ভাৱে এনেধৰণৰ নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ ঘটনাই বিশ্ববিদ্যালয়ৰ বিদ্যৎ মহলক গভীৰ প্ৰভাৱ পেলোৱাৰ লগতে এইয়া শিক্ষানুষ্ঠানৰ গৰিমাত যে আঘাত সানিছে সেই কথা অতি স্পষ্ট কৈ পৰিস্ফুট হৈছে ।

Intro::মাজৰাতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তাপ্ত পৰিস্থিতি।
মুখলধাৰ বৰষুণৰ মাজত উত্তাল প্ৰতিবাদ,ABVP GO BACK ধ্বনি ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত উপ-আৰক্ষী অধীক্ষক, সহ আৰক্ষীৰ সজাতি দল,মোতায়েন চি আৰ পি এফ জোৱান।যি কোনো সময়তে পৰিস্থিতি অধিক অৱনতি ঘটাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কন্দোৱা গেছ,লাঠি সহ সস্তম আৰক্ষীৰ প্ৰশাসনিক দল।


আচলতে, মনোনয়ন দাখিল তথা নিৰ্বাচনী বিষয়াৰ পদত্যাগৰ কথা চলি থকাৰ মাজতে পুনৰ নিৰ্বাচন কেন্দ্ৰীক মাৰপিটৰ ঘটনাই জোঁকাৰি গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়।এইবাৰ আছু সমৰ্থিত বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ ওলোৱা সভাপতি পদৰ প্ৰাৰ্থীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতাই বিশ্ববিদ্যালয়ৰ প্ৰৱেদ্বাৰ জ্যোতি বাতচ'ৰাৰ সন্মূখত ভয় ভাবুকিৰ লগতে আক্ৰমণ কৰাৰ গুৰুত্বৰ অভিযোগ।দাখিল কৰা হৈছে এজেহাৰ।
আজি সন্ধিয়া সংঘটিত এই ঘটনাৰ পাছতে মাজৰাতি লৈকে জুই জ্বলি আছে বিশ্ববিদ্যালয়ত।
আনহাতে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আছু আৰু অন্যান্য বিৰোধী দলসমূহৰ মাজত সংঘাত বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।আজি সন্ধিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কেইজনমান সদস্যই আছুৰ সমৰ্থীত প্ৰাৰ্থী জনক মাৰ ধৰ কৰাৰ লগতে টকাৰ প্ৰলোভনেৰে নিৰ্বাচনৰ প্ৰাৰ্থী ক্ৰয় কৰিবলৈ অহাৰো অভিযোগ উঠে।ইয়াৰ পাছতে আছু গোট আৰু ABVP ৰ মাজত সংঘাত সৃষ্টি হয়।
এই ঘটনাৰ সমান্তৰালকৈ
বিশ্ববিদ্যালয়ৰ আছু গোটে বিশ্ববিদ্যালয়ৰ চৌহদত ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ হ'ব নিদিওঁ বুলি দাবী কৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল।ইফালে ইয়াৰ মাজতে আজিৰ সংঘাতৰ চি চি টিভি ফুটেজ বিচাৰি নিশা বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰালৈ ওলাই আহে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একটা সভাৰ(PGSU) সদস্য বিষয়ববীয়া।
কিন্তু আৰক্ষীক গোচৰ দিয়াৰ বাবেই আৰক্ষী উপস্থিত হৈ সেই ফুটেজ তদন্তৰ বাবে জব্দ কৰে।আৰু অমান্তি হয় PGSUক সেই ফুটেজ দেখুওৱাবলৈ। ইয়াকে লৈ পুনৰ উত্তাপ্ত হৈ পৰে বিশ্ববিদ্যালয়।ইফালে চচিয়েল মিডিয়াত এবিভিপি সমৰ্থিত এজন যুৱকে বিশ্ববিদ্যালয়ত ভগ্নীৰ এডমিচনৰ বাবে অহাৰ সময়তে আছুৰ একাংশই আক্ৰমণ কৰা বুলি কোৱা এক ভিডিঅও ভাইৰেল হৈছে।

মাজনিশা লৈকে নজীৰবিহীন ভাৱে এনেধৰণৰ নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ ঘটনাই বিশ্ববিদ্যালয়ৰ বিদৎ মহলক গভীৰ প্ৰভাৱ পেলোৱাৰ লগতে এইয়া শিক্ষানুষ্ঠানৰ গৰিমাত যে আঘাত সানিছে সেই কথা অতি স্পষ্ট কৈ পৰিস্ফুট হৈছে ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.