ETV Bharat / state

Eid ul Adha 2023: ৰাজ্যজুৰি পালন কৰা হৈছে পবিত্ৰ ঈদ

author img

By

Published : Jun 29, 2023, 3:55 PM IST

Eid ul Adha 2023
ৰাজ্যজুৰি পালন কৰা হৈছে পবিত্ৰ ঈদ

বিশ্বজুৰি মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পবিত্ৰ ঈদ-উদ-জোহা ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে ঈদ ৷

ৰাজ্যজুৰি পালন কৰা হৈছে পবিত্ৰ ঈদ

নিউজ ডেস্ক, 29 জুন : আজি পবিত্ৰ ঈদ-উদ-জোহা ৷ বিশ্বজুৰি মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে এই পবিত্ৰ ঈদ-উদ-জোহা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় চহৰৰ কেইবা ঠাইত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় পৰম্পৰাগতভাৱে উদযাপিত কৰিছে পবিত্ৰ ঈদ-উদ-জোহা ।

চহৰখনৰ গ্ৰেহেম বজাৰৰ ঈদগাহ ময়দানত পুৱা ভাগৰেপৰা সমূহীয়া নামাজেৰে ঈদ-উদ-জোহা পালন কৰিছে ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে । ইজনে-সিজনক আলিংগন কৰি পৰম্পৰাগত ভাতৃত্ববোধৰ নিৰ্দশন প্ৰদৰ্শন কৰে এই সমূহীয়া নামাজত ৷

ইফালে নগাঁও জিলাৰ কলিয়াবৰৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চল বৰঘুলিতো উলহ মালহেৰে উদযাপন কৰা হৈছে ঈদ-উদ-জোহা ৷ 1 নং বৰঘুলি বিলপাৰ ঈদগাহ মৈদানত গাঁওবাসীৰ লগতে কলিয়াবৰ পশ্চিম অঞ্চলৰ ইছলাম ধৰ্মালম্বী লোক মিলিত হৈ সমজুৱা নামাজত অংশগ্ৰহণ কৰে ৷ জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলোৰে মাজত ভাতৃত্ববোধ বজাই ৰখাৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

ইয়াৰ সমান্তৰালকে মৰিগাঁও জিলা বিভিন্ন ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে উদযাপন কৰে পবিত্ৰ ঈদ-উদ-জোহা ৷ ৰাজ্যৰ বিভিন্ন ঈদগাহ মৈদানৰ সমান্তৰালকৈ মৰিগাঁও নগৰৰ ঈদগাহ আৰু জালুগুটি বৰমছজিদৰ প্ৰাংগনত পবিত্ৰ ঈদ-উজ-জোহাৰ সমূহমীয়া নামাজ আদায় কৰে ৷ মৰিগাঁও নগৰৰ ঈদগাহ ময়দান পৰিচালনা সমিতিৰ সম্পাদক মুছতাফিজুৰ ৰহমানে সংবাদ মাধ্যমক সদৰী কৰা মতে মৰিগাঁও নগৰৰ তিনিখন সমাজৰ সমূহীয়া নামাজ পঢ়াই মিলনপুৰ মছজিদৰ ইমাম‌ হাফিজ কাৰি মৌলানা ইলগিয়াছে ৷

জানিব পৰা মতে মৰিগাঁও জিলা বিশেষকৈ টকোনাবড়ী, ইছলামপুৰ ঈদগাহ‌ ময়দান ,বৰচোকাবাহা ঈদগাহ ময়দান, পটুৱাকাটা, নগাবন্ধা, গৰৈমাৰী, লাহৰীঘাট ঈদগাহ ময়দান, ভূৰাগাঁও ঈদগাহ ময়দান, নেলী ঈদগাহ ময়দান, তেলাহী ঈদগাহ ময়দান, মণিপুৰ টোপ ঈদগাহ ময়দান, বৰিগাঁও ঈদগাহ ময়দান আদি ময়দান সকলো ইছলাম ধৰ্মী লোকসকলে আদায় কৰে পবিত্ৰ ঈদ-উদ-জোহাৰ নামাজ ৷

ইফালে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি হোজাই চহৰৰ মাজ- মজিয়াত অৱস্থিত হোজাই ঈদগাহ মৈদানত পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ লয় ইছলাম ধৰ্মাৱলম্বী ৰাইজে ৷ ঈদ–উদ–জোহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা ৷ হোজাই ঈদগাহ মৈদানত নামজাৰ জৰিয়তে সমাজৰ অসূয়া অশান্তি দূৰ হৈ শান্তি-সম্প্ৰীতিৰ উদ্দেশ্যে আল্লাহৰ ওচৰত দোৱা কৰে প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকে ৷

আনহাতে সমগ্ৰ দেশৰ লগতে যোৰহাটতো আজি পালন কৰা হৈছে ঈদ ৷ বকৰি ঈদ আৰু কোৰবানী ঈদ নামেৰে অভিহিত এই উৎসৱৰ মূল বাণী হৈছে ত্যাগৰ স্বীকৃতি ৷ যোৰহাট ৰাজহুৱা ঈদগাহ ময়দানত নামাজত অংশগ্ৰহণ কৰে শিশু, কিশোৰৰ পৰা বৃদ্ধলৈ ৷

আনহাতে চৰাইদেউ জিলাৰ সোণাৰিতো উলহ মালহেৰে পবিত্ৰ "ঈদ-উদ-জোহা " উদযাপন কৰা হয় ৷ সোনাৰি ক'ৰ্ট কলনীৰ ঈদগাহ ময়দানত পুৱা 7.45 বজাত অনুষ্ঠিত হয় সমূহীয়া নামাজ ৷ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাৱেশেৰে অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ ৷ ঈদৰ বিশেষ নামাজ আৰু খুৎবা পাঠ কৰাৰ লগতে ইমামে "ঈদ-উল- জোহা "ৰ তাৎপৰ্য বৰ্ণনা কৰে ৷

উল্লেখ্য যে, পবিত্ৰ ঈদ উপলক্ষে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ইছলাম ধৰ্মী জনগণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ ইছলাম ধৰ্মী লোকসকলৰ মাজত ঈদক লৈ শিশু পৰাৰ বৃদ্ধলৈকে পাৰভগা উছাহ দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: Eid ul Adha 2023: ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন পবিত্ৰ ঈদ-উল-আজহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.