ETV Bharat / state

DU Ragging Incident : মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে: চিকিৎসালয়ৰ বিচনাৰ পৰাই ক'লে আনন্দ শৰ্মাই

author img

By

Published : Dec 5, 2022, 5:00 PM IST

DU Ragging Incident
মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে : আনন্দ শৰ্মা

ৰাহুল ছেত্ৰীয়ে(DU Ragging incident main accused) আত্মসমৰ্পণ কৰাৰ পাছত ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাই ক’লে- ‘‘তেওঁ এতিয়া কৰ্মফল পাব ৷ মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে’’।

ডিব্ৰুগড়, 5 ডিচেম্বৰ : ‘‘তেওঁ এতিয়া কৰ্মফল পাব ৷ মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে (DU Ragging incident main accused)। লাইব্ৰেৰীৰ পৰা আহি হোষ্টেলৰ ভিতৰত পাওঁতেই তেওঁ মাৰিবলৈ আৰম্ভ কৰিছিল’’। চিকিৎসালয়ৰ বিচনাৰ পৰাই এনেদৰে ক’লে ৰেগিঙৰ ভুক্তভোগী আনন্দ শৰ্মাই ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে সোমবাৰে আত্মসমৰ্পণ কৰিলে (Rahul Chetry surrendered) ৷ আত্মসমৰ্পণ কৰি আত্মপক্ষ সমৰ্থনত লিখিতভাৱে মন্তব্য কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে নিজকে দোষমুক্ত বুলি ঘোষণা কৰিলেও ইয়াৰ পাছতেই ভয়ংকৰ ৰেগিংকাণ্ডৰ বলি হোৱা আনন্দ শৰ্মাই পুনৰ কৰিলে বিস্ফোৰক মন্তব্য । ৰাহুল ছেত্ৰীয়ে প্ৰথমেই প্ৰহাৰ কৰিছিল বুলি মন্তব্য কৰিলে ভুক্তভোগী আনন্দ শৰ্মাই ।

লক্ষণীয় বিষয়টো হ'ল যে, অসহনীয় ৰেগিঙৰ ভুক্তভোগী হৈ 27 নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ(Dibrugarh University) ছাত্ৰ আনন্দ শৰ্মাই জপিয়াই দিছিল দ্বিতীয় মহলাৰ পৰা ৷ ইয়াৰ পাছতে গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰজন ৷ উক্ত ঘটনাৰ পাছতে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক ৰাহুল ছেত্ৰী এই ঘটনাৰ মূল অভিযুক্ত হিচাবে বিবেচিত হৈছিল ।

মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে : আনন্দ শৰ্মা

কিন্তু এই ঘটনাৰ লগত জড়িত ছজন ছাত্ৰক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে যদিও ৰাহুল ছেত্ৰীৰ কোনো ধৰণৰ সন্ধান লাভ কৰা নাছিল । কিন্তু সোমবাৰে ৰাহুল ছেত্ৰীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতে নিজকে এই ঘটনাৰ লগত জড়িত নহয় বুলি ক'বলৈ চেষ্টা কৰিছে । কিন্তু ৰাহুল ছেত্ৰী আৰক্ষীৰ জালত পৰাৰ পাছতে আনন্দ শৰ্মাই চিকিৎসালয়ৰ বিচনাৰ পৰাই ক'লে মোক প্ৰথমেই প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে ।

উল্লেখ্য যে, সোমাবাৰে ৰাহুল ছেত্ৰীয়ে লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰি লৈ যায় সদৰ থানাৰ ভিতৰলৈ (Rahul Chetry Arrested) ৷ ৰাহুল চেত্ৰীক সংবাদমাধ্যমৰ মুখামুখি হোৱাত বাধা দিয়ে আৰক্ষীয়ে (DU Rahul Chetry) ৷ সমান্তৰালভাৱে, থানাৰ চৌহদত সংবাদমাধ্যমৰো প্ৰৱেশ নিষিদ্ধ কৰে আৰক্ষীয়ে (DU ragging case prime accused) ৷

লগতে পঢ়ক : DU Ragging Update: বাৰে বাৰে ৰেগিঙত জড়িত নহয় বুলি দাবী ৰাহুল চেত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.