ETV Bharat / state

অফলাইন পৰীক্ষাৰ বিৰোধিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ

author img

By

Published : Apr 19, 2021, 9:33 PM IST

Updated : Apr 19, 2021, 10:20 PM IST

কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ আছু গোট । ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয় প্ৰশাসনক দাবী জনালে শিক্ষাৰ্থীসকলে । অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে ।

অফলাইন পৰীক্ষাৰ বিৰোধিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ
অফলাইন পৰীক্ষাৰ বিৰোধিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ

ডিব্ৰুগড়,১৯ এপ্ৰিল: এফালে মহামাৰীৰ সংক্ৰমণৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে, আনফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ যো-জা চলাইছে । বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ-ছাত্ৰীসকল আৰু বিশ্ববিদ্যালয়খনৰ আছু গোট ।

জিলা প্ৰশাসনে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । এনে পৰিস্থিতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ জীৱনৰ কথা চিন্তা নকৰি অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাতো উচিত হ'ব বুলি কেনেদৰে বিবেচনা কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে আছুৰ সদস্যই ।

অফলাইন পৰীক্ষাৰ বিৰোধিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ

বিশ্ববিদ্যালয়ৰ আছু গোটৰ একাংশ শিক্ষাৰ্থীৰ হৈ ধৃতিষা গগৈয়ে দাবী উত্থাপন কৰে কৰে যে, ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ নিৰাপত্তাৰ বাবে, লগতে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ যাতে এটা শৈক্ষিক বৰ্ষ নষ্ট নহয় তাৰ বাবে বিশ্ববিদ্যালয় প্ৰশাসনে এক উচিত সিদ্ধান্ত গ্ৰহণ কৰক । কেন্দ্ৰ অথবা বিভাগীয় প্ৰতিনিধিৰ লগত আলোচনা কৰি ব্লেণ্ডেড মোডত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে ।

অফলাইন পৰীক্ষাৰ বিৰোধিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ
অফলাইন পৰীক্ষাৰ বিৰোধিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ

বিশ্ববিদ্যালয় প্ৰশাসনে তেওঁলোকৰ দাবী মানি নল'লে আছু গোটটোৱে ছাত্ৰ-ছাত্ৰীৰ হকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি এই ভিডিঅ'ৰ জৰিয়তে হুংকাৰ দিয়ে । উল্লেখ্য যে, বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰকৰ দ্বাৰা সোমবাৰে এক পত্ৰযোগে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ে অৱগত কৰা হৈছিল শিক্ষাৰ্থীসকলক । তাৰ পাছতেই বিশ্ববিদ্যালয় প্ৰশাসনৰ সিদ্ধান্তৰ বিৰোধিতাৰে বিশ্ববিদ্যালয়ৰ আছু গোটে এইদৰে অসন্তুষ্টি ব্যক্ত কৰে ।

লগতে পঢ়ক: ভূত বাংলাত পৰিণত সৰু হৰিদ পানী যোগান আঁচনি

Last Updated :Apr 19, 2021, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.