ETV Bharat / state

Dibrugarh ragging case : পৃথককৈ ৰখা হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত হোষ্টেল আবাসীক

author img

By

Published : Dec 4, 2022, 10:34 AM IST

dibrugarh university registrar press conference
ৰেগিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ DU ৰ পঞ্জীয়কৰ

ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ অব্যাহত তীব্ৰ প্ৰতিক্ৰিয়া (Reactions across Assam on ragging) । সমানে সমানে দ্ৰুতগতিত চলিছে তদন্ত প্ৰক্ৰিয়া । ইয়াৰ মাজতে এই ঘটনাৰ তদন্ত সন্দৰ্ভত সংবাদমেলযোগে প্ৰক্ৰিয়া প্ৰকাশ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে (Registrar of DU reacts to ragging)

ডিব্ৰুগড়, 4 ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ ৰেগিং কাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Reactions across Assam on ragging) । তীব্ৰ গতিত চলিছে তদন্ত প্ৰক্ৰিয়া । ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৬ জনকৈ ছাত্ৰক । ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে সম্বোধন কৰে এখনি সংবাদমেলৰ (Registrar of DU reacts to ragging) ।

পঞ্জীয়ক গৰাকীয়ে জানিবলৈ দিয়ে যে, উচ্চস্তৰীয় কমিটিয়ে ৰেগিং কাণ্ডক লৈ প্ৰতিবেদন দাখিল কৰা বাবে সময় নিৰ্ধাৰণ কৰি দিছিল যদিও অতিৰিক্ত সময় বিচাৰিছে তদন্ত সমিতিয়ে (Ragging incident at Dibrugarh University) । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা পাঁচজন অভিযুক্ত ছাত্ৰৰ সাক্ষ্য গ্ৰহণৰ বাবে উচ্চস্তৰীয় কমিটিক অনুমতি দিয়া নাই ডিব্ৰুগড় আদালতে ।

সোমবাৰৰ ভিতৰত আদালতে অনুমতি দিয়াৰ সম্ভাৱনা আছে বুলিও জনাই পঞ্জীয়কগৰাকীয়ে (Dibrugarh University Ragging incident) । ইফালে বৰ্তমানেও আধৰুৱা হৈ আছে উচ্চস্তৰীয় কমিটিৰ তদন্ত প্ৰক্ৰিয়া (accused of DU ragging incident) । সমান্তৰালভাৱে এন্টি ৰেগিং কমিটিয়েও অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

ৰেগিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ DU ৰ পঞ্জীয়কৰ

বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদমেলত সদৰি কৰে । ভবিষ্যতে যাতে ৰেগিং কাণ্ড সংঘটিত হ'ব নোৱাৰে তাৰ বাবে নৱাগত ছাত্ৰসকলক পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । লগতে আনন্দ শৰ্মাৰ স্বাস্থ্যৰ প্ৰতিটো মুহুৰ্তৰ খবৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লৈ থকা বুলিও কয় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে (Probe on DU ragging incident) ।

ইফালে, অসমবাসীৰ আশীৰ্বাদত ক্ৰমাৎ সুস্থ হৈছে আনন্দ শৰ্মা । চিকিৎসকৰ সহযোগত বিছনাত বহিব পাৰিছে আনন্দ শৰ্মা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই (Anand Sarma helath updates)। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত তিনি ঘন্টা জোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ ।

ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা (DU ragging victim Anand Sarma)। আজি ভালদৰে চিকিৎসকৰ সৈতে কথাও পাতিছে । অলপ সময়ৰ বাবে বিচনাত বহিব পাৰিছে আনন্দ শৰ্মা । পাতলীয়া আহাৰ আৰু চাহ-বিস্কুট খাইছে আনন্দ শৰ্মাই । সকলোৱে আশা কৰিছে কম দিনতে সুস্থ হৈ শ্ৰেণী কোঠালৈ ঘুৰি আহিব আনন্দ শৰ্মা ।

লগতে পঢ়ক: Special TET pass teacher Press Meet: ইউনিক আই ডি থকা টেট উত্তীৰ্ণসকলক নিযুক্তিৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.