ETV Bharat / state

কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

author img

By

Published : Apr 7, 2021, 9:40 PM IST

কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন
কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । ইতিমধ্যে ৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে । ৮ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া ।

মৰাণ,৭ এপ্ৰিল: বহু বাদ-বিবাদ, তৰ্ক-বিতৰ্কৰ অৱসান ঘটাই উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৮ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব । ৮ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া । ভোটদানৰ পাচতেই লগে লগে সম্পন্ন কৰা হ'ব ভোটগণনা ।

বিশ্ববিদ্যালয়খনৰ সভাপতি হিচাপে ধৃতিষা গগৈ, উপ-সভাপতি বিশাল শৰ্মা, সাধাৰণ সম্পাদক লব্ধ প্ৰতিম দাস, সাংস্কৃতিক সম্পাদিকা অভিলাষা বৰুৱা, সহকাৰী সম্পাদক পাৰ্থজ্যোতি গগৈকে ধৰি ৩৪ গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন
কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩ বাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিও অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ অৱশেষত চতুৰ্থবাৰৰ বাবে ঘোষিত জাননীত ৮ এপ্ৰিলত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ চূড়ান্ত দিন ধাৰ্য কৰা হৈছে ৷ বহু বাদ-বিসম্বাদ, ছাত্ৰ আন্দোলন আদিৰ বাবে বিশ্ববিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচন নিৰ্ধাৰিত দিনত অনুষ্ঠিত হোৱা নাছিল ৷ ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নহৈ এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট আৰু অন্যান্য সমৰ্থনৰ দুই গোটৰ মাজত এই নিৰ্বাচনক লৈ পূৰ্বে তীব্ৰ বাদ-বিবাদ সৃষ্টি হৈছিল ৷ আন্দোলনতো নামি পৰিছিল একাংশ ছাত্ৰ, যাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ে ইয়াৰ পূৰ্বে তিনিবাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰা স্বত্বেও বাতিল কৰিবলগা হৈছিল নিৰ্বাচন ৷

লগতে পঢ়ক: ৰঙাপৰাত ৰাষ্ট্রীয় সেৱা আঁচনিৰ বিশেষ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.