ETV Bharat / state

বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা নিৰ্বাচন

author img

By

Published : Sep 7, 2019, 11:55 PM IST

বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা নিৰ্বাচন

নিৰ্বাচনৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ প্ৰতি একাংশ ছাত্ৰ-ছাত্ৰীয়ে অনাস্থা প্ৰকাশ কৰি শনিবাৰে নিশা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যলয় ঘেৰাও কৰি উপাচাৰ্য-পঞ্জীয়ক সহ বিষয়াবৰ্গক আবদ্ধ কৰি ৰখাৰ বাবেই উপ সমিতি কেইখনে পদত্যাগ কৰে

ডিব্ৰুগড়, 7 চেপ্তেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ 2019-2020 শিক্ষাবৰ্ষৰ নিৰ্বাচন বাতিল । নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত আটাইকেইখন কমিটিৰ সদস্য সকলে পদত্যাগ কৰাত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এই সিদ্ধান্ত । আগন্তুক 16 আগষ্টত আছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ প্ৰতি একাংশ ছাত্ৰ-ছাত্ৰীয়ে অনাস্থা প্ৰকাশ কৰি শনিবাৰে নিশা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যলয় ঘেৰাও কৰি উপাচাৰ্য-পঞ্জীয়ক সহ বিষয়াবৰ্গক আবদ্ধ কৰি ৰখাৰ বাবেই উপ সমিতি কেইখনে পদত্যাগ কৰে । ইয়াৰ পাচতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া তৎকালীন ভাবে বলৱৎ হোৱাকৈ বাতিল কৰে । উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ইটোৰ পাছত সিটো ঘটনাই সংবাদ শিৰোনামা দখল কৰি আহিছে । কেইমাহমানৰ পূৰ্বে চাৰিজন ডীনৰ পদত্যাগ, কিছুদিন পূৰ্বে সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰৰ ছয় জনকৈ অধ্যাপকৰ পদত্যাগ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষাবিদৰ চীনত সংঘটিত বিৰ্তকিত ঘটনাই বিশ্ববিদ্যালয়ৰ ভিতৰচৰা লগতে শৈক্ষিক আৰু বৌদ্ধিক মহলত চৰ্চিত হোৱা লগতে পুনৰ নিৰ্বাচনী উপ-কমিটিৰ সমুহীয়া পদত্যাগ ঘটনাই বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দুৰ্বলতাক উদঙাই দিছে ।

বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা নিৰ্বাচন
Intro:Slug:-Dib University BC office Gherao
বিভিন্ন বিৰ্তকই লগ নেৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এইবাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি।উপাৰ্চাযৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ।

ঐতিহ্যমণ্ডিত তথা উচ্চ শিক্ষাৰ পিঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুনৰ উতপ্ত পৰিবেশ।সমাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই শনিবাৰে আবেলি পৰিবেশ উত্তাল হৈ পৰে উপাৰ্চাযৰ কাযালয়ত।অহা ১৬ চেপ্তেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিবাচন অনুষ্ঠিত হোৱাৰ কথা।সেই মৰ্মে সাধাৰান সম্পাদক পদৰ বাবে শ্যাম সুন্দৰ ভূঞা আৰু মৃগাংক কিশোৰ বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে।জানিব পৰা মতে শ্যাম সুন্দৰ ভূঞা আছুৰ সমৰ্থিত প্ৰাৰ্থী হোৱাৰ বিপৰীতে মৃগাংক কিশোৰ বৰুৱা এবিভিপি দ্বাৰা সমৰ্থিত।দুয়োগৰাকী ছাত্ৰৰ মনোনয়ন বৈধ বুলি বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী আয়োগে বৈধ বুলি ঘোষনা কৰে।সিমানলৈ সকলো থিকেই আছিল।কিন্তু শ্যাম সুন্ধৰ ভূঞাৰ নাম অযোগ্য বুলি বিশ্ববিদ্যালয় কতৃপক্ষই কৰ্তন কৰাৰ এক কৌশল কৰা বুলি জানিব পাৰি,শ্যাম সুন্দৰৰ সমৰ্থনকাৰীয়ে আজি বিয়লি উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।ছাত্ৰ সমাজে কৰা অভিযোগ মতে সাধাৰন সম্পাদক পদৰ বাবে বিশ্ববিদ্যালয়ৰ নিৰ্বাচন আয়োগ তথা নিৰ্বাচনী বিষয়াই অনুমোদন দিয়াৰ পিছত কি যুক্তিত শ্যাম সুন্দৰৰ নাম বাতিল কৰাৰ বাবে সিধান্ত লৈছে?মনোনয়ন দাখিল কৰাৰ সময়ত সকলো বৈধ নথি-পত্ৰ দিয়া হৈছিল।তেনে ক্ষেত্ৰত এতিয়া হঠাৎ গোপনে চক্ৰান্ত কৰি,পাৰ্থীগৰাকীক মানসিক হাৰাশাস্তি কৰাৰ অন্তৰালত নিশ্ছয়কৈ কোনো ৰাজনৈতিক হেচাৰ বলি হৈ এনে সিধান্ত বিশ্ববিদ্যালয়ৰ কতৃপক্ষই লোৱাৰ বাবে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উৎপাদন কৰে।আজি প্ৰতিবাদী ছাত্ৰ সমাজে স্পষ্টকৈ কয় যে কোনো অদৃশ্য শক্তিৰ ছায়াত বলি পঠা সজোৱা হৈছে শ্যাম সুন্দৰক।এয়া আমি কেতিয়াও হবলৈ নিদিও।ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ সম্পদ।কোনো অশুভ শক্তিৰ পদাৰ্পনৰ চেষ্টা কৰিলে তাক সকলো প্ৰকাৰে ৰুধিবলৈ আমি বদ্ধপৰিকৰ বুলিও সকিয়াই দি যি কোনো পৰিস্থিতিতে বিশ্ববিদ্যালয়ৰ পবিত্ৰ মজিয়াত ৰাজনীতিয়ে গা কৰি উঠিব নোৱাৰে তাৰ প্ৰতি সকীয়নি প্ৰদান কৰে।

Byte:-স্নাতকোত্তৰ ছাত্র একতা সভা।
আনহাতে বিশ্ববিদ্যালয়ৰ আগন্তুক নিৰ্বাচনত যাতে কোনো অনিয়ম তথা সংবিধান ভংগ হব নোৱাৰে তাৰ দাবী উৎথাপন কৰিছে স্নাতকোত্তৰ ছাত্র একতা সভাই।
Byte:-pgsuBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.