ETV Bharat / state

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ক'কেইন উদ্ধাৰ: আটক 3

author img

By

Published : Jan 12, 2020, 7:56 PM IST

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ক'কেইন উদ্ধাৰ
ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ক'কেইন উদ্ধাৰ

মুখ্যমন্ত্ৰীৰ লক্ষ্মীনগৰ স্থিত বাসগৃহৰ কিছু নিলগৰ কছাৰীবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পূৰ্ব পৰিকল্পিতভাৱে খাপ পিতি তিনি সৰবৰাহকাৰীক সন্দেহযুক্ত এই বৃহৎ পৰিমাণৰ ক'কেইনসহ হাতে লুতে ধৰা পেলাবলৈ সক্ষম হয়।

ডিব্ৰুগড়, 12 জানুৱাৰী: "CAA" বিৰুধী আন্দোলনৰ সুযোগ লৈ ৰাজ্যত ৰমৰমীয়া হৈ পৰিছে নিষিদ্ধ ড্ৰাগছৰ বেহা । উজনিৰ ড্ৰাগছ ঘাটি হিচাপে পৰিচিত ডিব্ৰুগড়ত এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহৰ কিছু নিলগতে ডিব্ৰুগড় আৰক্ষীয়ে অভিযানত জব্দ কৰে 1 কিলো 3 গ্ৰামৰ ক'কেইন। লগতে আৰক্ষীৰ জালত পৰে তিনি ড্ৰাগছ সৰবৰাহকাৰী । মুখ্যমন্ত্ৰীৰ লক্ষ্মীনগৰ স্থিত গৃহৰ কিছু নিলগৰ কছাৰীবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পূৰ্ব পৰিকল্পিতভাৱে খাপ পিতি তিনি সৰবৰাহকাৰীক সন্দেহযুক্ত এই বৃহৎ পৰিমাণৰ ক'কেইনসহ হাতে লুতে ধৰা পেলাবলৈ সক্ষম হয়। আনহাতে আৰক্ষীয়ে প্ৰথমে ক'কেইনখিনীৰ মূল্য 1 লক্ষাধিক বুলি অনুমাণ কৰে যদিও পৰৱৰ্তি সময়ত ক'কেইনখিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা বুলি জানিবলৈ দিয়ে ৷

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ক'কেইন উদ্ধাৰ

ডিব্ৰুগড় আৰক্ষী অধীক্ষক, ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আৰক্ষী বিষয়াসহ এটা আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছ বিৰুদ্ধে এই বৃহৎ সফলতাৰ লাভ কৰে । আৰক্ষীৰ মতে তিনিজনীয়া সৰবৰাহকাৰীৰ দলটোৱে উক্ত ঠাইডোখৰত আন এজনক এই ক'কেইনখিনি গতাবলৈ আহিছিল । আৰক্ষীৰ জালত পৰা তিনি সৰবৰাহকাৰী ক্ৰমে বৰবৰুৱাৰ নতুন বলাইৰ মনোজ কুমাৰ সোণোৱাল, দুলীয়াজান ভুমুকুত্তা গাঁৱৰ গিৰিছ সোণোৱাল আৰু বৰবৰুৱাৰ পুৰণি বলাইৰ প্ৰতিক বৰা বুলি জানিব পৰা গৈছে। দুখন মটৰ বাইকত তিনি যুৱকে এই কুকেইনখিনি কঢ়িয়াই আনিছিল ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মোডী

আৰক্ষীয়ে ইতিমধ্যে NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা তিনিওকে জেৰা আৰম্ভ কৰি তদন্ত তীব্ৰতৰ কৰি তুলিছে। ইফালে চহৰৰ পৰা নিলগৰ শান্ত পৰিৱেশৰ উক্ত জনবসতি প্ৰধান অঞ্চলটোত এনে দুষ্কৰ্মৰ স্থান হিচাপে বাছি লোৱা কাৰ্যতো ইতিমধ্যে ৰাইজৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । উল্লেখ্য যে, বিগত কিছু বছৰৰ পৰা ডিব্ৰুগড় চহৰৰ পৰা ক্ৰমশ চহৰৰ দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পিবলৈ ধৰিছে ড্ৰাগছৰ বেহা। ইতিমধ্যে মিলন নগৰ অঞ্চলৰ ওপৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰখাৰ সময়তে আজি মিলন নগৰৰে সমীপৰ উক্ত অঞ্চলটোত বৃহৎ সফলতা লাভ কৰে আৰক্ষীয়ে ।

Intro:কা বিৰুধী আন্দোলন তীব্ৰতৰ হৈ থকাৰ মাজতেই এফালে ৰাজ্যৰত ৰমৰমীয়া বেহা চলি আছে নিষিদ্ধ ড্ৰাগছৰ।বহু বছৰ ধৰি
উজনিৰ ড্ৰাগছ ঘাটি হিচাপে পৰিচিত
ডিব্ৰুগড়ত এইবাৰ
মুখ্যমন্ত্ৰীৰ গৃহৰ কিছু নিলগতে এক কিলোগ্ৰাম পৰিমাণৰ কুকেইন উদ্ধাৰ।ডিব্ৰুগড় আৰক্ষীৰ অভিযানত জব্দ এক কিল, তিনি গ্ৰাম কুকেইন।লগতে
আৰক্ষীৰ জালত পৰিল তিনি সৰবৰাহকাৰী।মুখ্যমন্ত্ৰীৰ লক্ষ্মী নগৰ স্থিত গৃহৰ কিছু নিলগৰ কছাৰীবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পূৰ্ব পৰিকল্পিত ভাৱে খাপ পিতি তিনি সৰবৰাহকাৰীক সন্দেহযুক্ত এই বৃহৎ পৰিমাণৰ কুকেইনখিনি সহ হাতে লুতে ধৰা পেলাবলৈ সক্ষম হয়।ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক,ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰক্ষী বিষয়া সহ এটা আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছ বিৰুদ্ধে এই বৃহৎ সফলতাৰ লাভ কৰে।আৰক্ষীৰ মতে তিনিজনীয়া সৰবৰাহকাৰীৰ দলটোৱে উক্ত ঠাইডোখৰত আন এজনক এই কুকেইনখিনি গতাবলৈ আহিছিল।আৰক্ষীৰ জালত পৰা তিনি সৰবৰাহকাৰী ক্ৰমে বৰবৰুৱাৰ নতুন বলাইৰ মনোজ কুমাৰ সোণোৱাল,দুলীয়াজান ভুমুকুত্তা গাঁৱৰ গিৰিছ সোণোৱাল আৰু বৰবৰুৱাৰ পুৰণি বলাইৰ প্ৰতিক বৰা বুলি জানিব পৰা গৈছে।দুখন মটৰ বাইকত এই কুকেইনখিনি এই তিনি যুৱকে কঢ়িয়াই আনিছিল।

আৰক্ষীয়ে ইতিমধ্যে NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা তিনিওকে জেৰ আৰম্ভ কৰি তদন্ত তীব্ৰতৰ কৰি তুলিছে।ইফালে চহৰৰ পৰা নিলগৰ শান্ত পৰিবেশৰ উক্ত জনবসতি প্ৰধান অঞ্চলটোত এনে দুষ্কৰ্মৰ স্থান হিচাপে বাছি লোৱা কাৰ্যতো ইতিমধ্যে ৰাইজৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।উল্লেখ যে বিগত কিছু বছৰৰ পৰা ডিব্ৰুগড়ৰ চহৰৰ পৰা ক্ৰমশ চহৰৰ দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পিবলৈ ধৰিছে ড্ৰাগছ বেহা।
ইতিমধ্যে মিলন নগৰ অঞ্চলৰ ওপৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰখাৰ সময়তে আজি মিলন নগৰৰে সমিপৰ এই অঞ্চলত বৃহৎ সফলতা লাভ কৰে আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে।

Byte:SP DIBRUGARHBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.