ETV Bharat / state

Diamond Jubilee of ATEA: অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তীৰ আয়োজন

author img

By

Published : Nov 23, 2022, 6:23 PM IST

Diamond Jubilee of ATEA
অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তীৰ আয়োজন

অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তী উপলক্ষে অনুষ্ঠিত হ'ব ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন(Assam Tea Employees Association) । ৰাজ্যৰ ২০ খন সংঘৰ শাখা সমিতিৰ লগতে ডিব্ৰুগড়তো অহা ২৬ আৰু ২৭ নৱেম্বৰত আয়োজন কৰিবলৈ লোৱা হীৰক জয়ন্তী সমাৰোহ সন্দৰ্ভত ব্য়াখ্য়া কৰে সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋষভ কলিতাই ।

ডিব্ৰুগড়, ২৩ নৱেম্বৰ: ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত সংঘৰ শাখা কাৰ্যালয়ত অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋষভ কলিতা আৰু ডিব্ৰুগড় শাখাৰ সম্পাদক ৰাতুল কাকতি আৰু উপ-সভাপতি সুতেশ নন্দই এক সংবাদমেল সম্বোধন কৰে । ৰাজ্যৰ ২০ খন সংঘৰ শাখা সমিতিৰ লগতে ডিব্ৰুগড়তো অহা ২৬ আৰু ২৭ নৱেম্বৰত আয়োজন কৰা হীৰক জয়ন্তী সমাৰোহ সন্দৰ্ভত তেওঁলোকে ব্য়াখ্য়া কৰে (Diamond Jubilee of Assam Tea Employees Association)।

অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তীৰ আয়োজন

১৯৪৭ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা সংঘৰ হীৰক জয়ন্তী উপলক্ষে অনুষ্ঠিত হ'ব ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন । এই উপলক্ষে প্ৰাক্তন বিষয়ববীয়াসকলক সম্বৰ্ধনাকে ধৰি মতবিনিময় অনুষ্ঠানৰো আয়োজন কৰা বুলি কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋষভ কলিতাই কয় । তেওঁলোকে উল্লেখ কৰা মতে,চাহ উদ্যোগৰ প্ৰগতি আৰু কৰ্মচাৰী সকলৰ সুৰক্ষিত ভৱিষ্যত সন্দৰ্ভত বাৰ্ষিক অধিৱেশনত আলোচনা কৰা হ'ব ।

এই সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক ড৹ প্ৰশান্ত কুমাৰ কাকতিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । তদুপৰি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাহ বাগিচা মালিক সন্থাৰ অধ্যক্ষ শৈলেন্দ্ৰ নাথ গোস্বামীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব অসম চাহ কৰ্মচাৰী সংঘৰ হীৰক জয়ন্তী সমাৰোহত ।

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.