ETV Bharat / state

থাওৰাৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য কোঁৱৰ

author img

By

Published : Sep 12, 2021, 7:45 PM IST

থাওৰা উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য্য কোঁৱৰ
থাওৰা উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য্য কোঁৱৰ

ৰাজ্যত খালী হৈ থকা ছটা বিধানসভা সমষ্টিত আৰু কেইটামান দিনৰ ভিতৰতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ যাকলৈ কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে ৷ তাৰমাজতে এখোজ আগবাঢ়ি আছে ৰাইজৰ দল ৷ থাওৰা সমষ্টিত এক প্ৰকাৰ ৰাইজৰ দলে নিশ্চিত কৰিছে প্ৰাৰ্থীৰ নাম ৷

মৰাণ, 12 ছেপ্তেম্বৰ : থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ শাসক দলৰ সমান্তৰালকৈ ৰাইজৰ দলেও উজনি অসমৰ থাওৰা সমষ্টিত নিৰ্বাচনী কুছকাৱাজ আৰম্ভ কৰিছে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপনেৰে উপ-নিৰ্বাচন খেলাৰ বাবে চেষ্টা চলাইছিল যদিও মিত্ৰতাত ব্যৰ্থ হোৱাত ৰাইজৰ দলে অকলেই উপ নিৰ্বাচন খেলাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

থাওৰা উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য্য কোঁৱৰ
থাওৰা উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য্য কোঁৱৰ

থাওৰা সমষ্টিত অখিল গগৈয়ে নিজেই গাঁৱে-গাঁৱে ঘুৰি ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে চেষ্টা চলাইছে । ৰাজ্যৰ উপ-নিৰ্বাচন হ'ব লগা ছটাকৈ সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দিতা নকৰিলেও থাওৰাত প্ৰতিদ্বন্দিতা কৰাতো প্ৰায় নিশ্চিত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

লগতে নিশ্চিত হৈছে থাওৰাৰ পৰা নিৰ্বাচনী যুঁজত নামিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, সেই কথাটো প্ৰায় নিশ্চিত হৈছে ।

থাওৰা উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য্য কোঁৱৰ
থাওৰা উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য্য কোঁৱৰ

কিয়নো অখিল গগৈয়ে থাওৰা সমষ্টিৰ গাঁৱে-গাঁৱে সভা অনুষ্ঠিত কৰি ধৈৰ্য কোঁৱৰক ভোট দিবৰ কাৰণে আহ্বান জনোৱাৰ লগতে 11 ছেপ্তেম্বৰ তাৰিখে ধৈৰ্য কোঁৱৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিছে ।

এই কথাই নিশ্চিত কৰিছে থাওৰাত ৰাইজৰ দলৰ হৈ এঘড়ী যুঁজিবলৈ সাজু হৈছে ধৈৰ্য কোঁৱৰ । কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু শাসক দল বিজেপিয়ে থাওৰা সমষ্টিত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কোনোধৰণৰ ঘোষণা কৰা নাই যদিও দলৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.