ETV Bharat / state

থাওৰাত মনোনয়ন দাখিলৰ বাবে সাজু ধৈৰ্য্য কোঁৱৰ আৰু কৃষ্ণ গগৈ

author img

By

Published : Oct 7, 2021, 1:07 PM IST

dharjya konwar and krishna gogoi to file nomination for thowra constituency
থাওৰাত ধৈৰ্য্য কোঁৱৰ আৰু কৃষ্ণ গগৈৰ মনোনয়ন দাখিল

উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৫ টাকৈ সমষ্টিত তীব্ৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । ব্যতিক্ৰম নহয় থাওৰা সমষ্টিও । ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি দলৰ হৈ অধিবক্তা কৃষ্ণ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব ।

মৰাণ , ৭ অক্টোবৰ : অহা ৩০ অক্টোবৰত অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনৰ বাবে এতিয়া সমষ্টিবোৰত বিভিন্ন দলসমূহে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । ইফালে শুকুৰবাবে মনোনয়ন দাখিলৰ অন্তিম দিন । তাৰ পূৰ্বে বৃহস্পতিবাৰে থাওৰা সমষ্টিৰ দুগৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব ।

থাওৰাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI) দলৰ হৈ অধিবক্তা কৃষ্ণ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব । দুয়োগৰাকীয়ে শিৱসাগৰ জিলাৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন ।‌ ইফালে অধিবক্তা কৃষ্ণ গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দীতা নকৰে বুলি দাবী কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । কিন্তু বাস্তৱত সেয়া নহ'ল ।

dharjya konwar and krishna gogoi to file nomination for thowra constituency
থাওৰাত ধৈৰ্য্য কোঁৱৰ আৰু কৃষ্ণ গগৈৰ মনোনয়ন দাখিল

লক্ষণীয়ভাৱে অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰক কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অনা ব্যক্তিগৰাকীয়ে আজি ধৈৰ্য্য কোঁৱৰৰ প্ৰতিদ্বন্দী হৈ চিপিআই দলৰ হৈ মনোনয়ন দাখিল কৰিব । ধৈৰ্য্য কোঁৱৰৰ মনোনয়নৰ সময়ত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সংগ দিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :কহিমাত গঠন হ'ল নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.