ETV Bharat / state

Faijan Ahmed news update : দ্বিতীয়বাৰৰ বাবে কবৰস্থ কৰা হ’ল ফাইজানৰ মৃতদেহ

author img

By

Published : Jun 18, 2023, 10:49 AM IST

Faijan Ahmed news update
ডিব্ৰুগড়লৈ অনা হৈছে মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ

দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুনৰ ডিব্ৰুগড়লৈ অনা হৈছে মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ ৷ আমোলাপট্টী কবৰস্থানলৈ আনি নিশাই দ্বিতীয়বাৰৰ বাবে কবৰস্থ কৰা হয় ফাইজানৰ মৃতদেহক ৷

ডিব্ৰুগড়, 18 জুন : দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুনৰ ডিব্ৰুগড়লৈ অনা হয় মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ । খড়গপুৰ আই আই টিৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ পুনৰ ডিব্ৰুগড়ত কবৰস্থ কৰা হয় । ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লৱে ষ্টেচনত শনিবাৰে নিশা প্ৰায় ১১:৪৫ বজাত আহি পোৱাৰ পাচতেই পোনে পোনে আমোলাপট্টী কবৰস্থানলৈ অনা হয় ৷ তাৰ পাচতে নিশা প্ৰায় 1 বজাত দ্বিতীয় বাৰৰ বাবে কবৰস্থ কৰা হয় ফাইজানক ।

দ্বিতীয় বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচত কলিকতাৰ পৰা ডিব্ৰুগড়লৈ পুনৰ মৃতদেহটো আনি আমোলাপট্টী কবৰস্থানত কবৰস্থ কৰা হয় ফাইজানৰ শৱদেহ । এই সমগ্ৰ প্ৰক্ৰিয়াত ফাইজানৰ মৃতদেহৰ লগতে পশ্চিম বংগৰ আৰক্ষী আৰু ফাইজানৰ পিতৃ-মাতৃ আহিছিল ।

কলকাতা উচ্চ ন্যায়ালয়ে যোৱা ২৫ আগষ্টত দিয়া ৰায় অনুসৰি যোৱা ২৩ মে’ত কবৰৰ পৰা খান্দি উলিওৱা হৈছিল সাতমাহৰ পূৰ্বে কবৰস্থ কৰা মৃতদেহটো । 24 মে’ত কলকাতা অভিমুখে নিয়াৰ পাচত 27 মে’ত দ্বিতীয় বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল অসমৰ মেধাৱী ছাত্ৰজনৰ ।

দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰক্ষীয়ে । 2022 বৰ্ষৰ 14 অক্টোবৰত ৰহস্যজনক অৱস্থাত আই আই টি খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়া চহৰৰ ছাত্ৰ ফাইজান আহমেদৰ অৰ্ধগলিত মৃতদেহ হোষ্টেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ভাৰততে সৃষ্টি কৰিছিল চাঞ্চল্যৰ ।

এই ঘটনাক খড়গপুৰ আই আই টি কৰ্তৃপক্ষই আত্মহত্যা বুলি দাবী কৰিছিল ৷ কিন্তু পৰিয়ালৰ লোকে এয়া হত্যা বুলি দাবী কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । ইয়াৰ পাচতেই পুনৰ আৰম্ভ হৈছে ফাইজান আহমেদৰ মৃত্যু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ।

লগতে পঢ়ক : Faizan Ahmed death case: বুধবাৰে বিমানযোগে কলিকতালৈ লৈ যোৱা হ’ব ফাইজানৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.