ETV Bharat / state

চৰাইদেউ আৰক্ষীৰ জালত বৃহৎ গৰু চুৰি চক্ৰ

author img

By

Published : Jul 11, 2021, 1:50 PM IST

চৰাইদেউৰ পৰা ভুৱা ৰচিদেৰে অৰুণাচললৈ গৰু সৰবৰাহ কৰে এটা গৰু চুৰি চক্ৰই ৷ চৰাইদেউৰ সাপেখাতী আৰক্ষীৰ তৎপৰতাত কুখ্যাত গৰু চোৰ আটক ৷

Cow thief arrested by Sapekhati Police
চৰাইদেউ আৰক্ষীৰ জালত বৃহৎ গৰু চুৰি চক্ৰ

মৰাণ, 11 জুলাই : সমগ্ৰ ৰাজ্যতে ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰে বলবৎ কৰি থোৱা সান্ধ্য আইনৰ সুৰুঙা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে কু-কাৰ্য । তাৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাতীৰ বিভিন্ন অঞ্চলৰ পৰা ধাৰাবাহিকভাৱে কিছু দিনৰ পৰা গৰু চুৰি কাৰ্য সংঘটিত হৈ আহিছে । বিগত ২৮ জুনত ৰহনৰ পৰা চুৰি কৰি নিয়া হৈছিল দুটাকৈ গৰু । উক্ত ঘটনাৰ এজাহাৰৰ ভিত্তিত চুৰি গৰুৰ সন্ধানত ২৯ জুনৰ নিশা সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰেশ দত্ত আৰু দ্বিতীয় আৰক্ষী বিষয়া আহোং পানমেৰ বিশেষ তৎপৰতাত অসম অৰুণাচল সীমান্তবৰ্তী কানুবাৰীত আৰক্ষীয়ে দুই গৰু চোৰক কৰায়ত্ব কৰিছিল ।

তাৰ সমান্তৰালভাৱে, পুনৰ ৯ জুলাইৰ নিশা সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰেশ দত্তৰ তৎপৰতাত তিনিটাকৈ কুখ্যাত গৰু চুৰক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে অৰুণাচল সীমান্তৱৰ্তী আৰক্ষী তালাচী চকীত বৰটিমনৰ নিবাসী পাগু মাঝিৰ পুত্ৰ মংগল মাঝিক দুজনী গৰু অৰুণাচললৈ খেদি নিয়া অৱস্থাত আটক কৰি সোধ পোচ কৰাত বৰটিমন বাগিছাৰ সমীপৰ বিচমিল্লা খানৰ পুত্ৰ আকবৰ খানে পঠিওৱা বুলি জনায় । ইয়াৰ উপৰিও গৰু বিক্ৰীৰ ৰচিদ গৰুৰ লগত মিল নথকাত আৰক্ষীৰ সন্দেহ হোৱাত লগে লগে বিচমিল্লা খানক আটক কৰি সোধ-পোচ কৰে ।

চৰাইদেউ আৰক্ষীৰ জালত বৃহৎ গৰু চুৰি চক্ৰ

বিচমিল্লা খানে আৰক্ষীক জানিবলৈ দিয়া অনুসৰি অৰুণাচললৈ প্ৰতিদিনে দুটাকৈ গৰু কাটি বিক্ৰী কৰে । আকবৰ খানে লগতে জনায় যে, সাপেখাতী গুদাম চাৰিআলিৰ নিবাসী মহেশ্বৰ হাজৰিকাৰ পুত্ৰ নগেন হাজৰিকা (২৪) আৰু নৰেশ্বৰ দাসৰ পুত্ৰ বিমান দাসে (৪০) গৰু চুৰি কাৰ্য সংঘটিত কৰি আজি কেইবা বছৰেধৰি আকবৰ খানক যোগান ধৰি আহিছে ।

উল্লেখযোগ্য যে, আটকাধীন কুখ্যাত গৰু চুৰ বিমান দাসৰ ভাতৃ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীৰ সম্পাদক হোৱাৰ সুবিধা লৈ চুৰি গৰু বিক্ৰীৰ ৰছিদ প্ৰস্তুত কৰি কুখ্যাত গৰু চোৰ চক্ৰটোক চুৰি কাৰ্যত সহায় কৰাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া সচেতন মহলে । সম্প্ৰতি সাপেখাতী আৰক্ষীয়ে নিজাববীয়াকৈ ৩৭৯ ধাৰা ৩৭/২০২১ এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.