ETV Bharat / state

অইলৰ এম্বুলেন্সে আদবাটতে এৰি গ’ল ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক

author img

By

Published : Apr 22, 2021, 8:42 PM IST

অইলৰ এম্বুলেন্সে আদবাটতে এৰি গ’ল ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক
Covid patient abandoned by Ambulance at Naharkatia

নাহৰকটীয়াৰ জনসমাগমৰ মাজত এগৰাকী ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক এৰি থৈ গ’ল অইল ইণ্ডিয়া লিমিটেডৰ এম্বুলেন্সে ৷ দুলীয়াজানৰ অইলৰ চিকিৎসালয়ত ক'ভিড ১৯ৰ অৱস্থিতি ধৰা পৰিছিল মহিলা গৰাকীৰ ৷

নাহৰকটীয়া , 22 এপ্ৰিল : এগৰাকী ক'ভিড আক্ৰান্ত গৰ্ভৱতী মহিলাক ঘৰলৈ আনি আদবাটতে নাহৰকটীয়া নগৰত এৰি থৈ গ’ল অইল ইণ্ডিয়া লিমিটেডৰ এম্বুলেন্সে ৷ অইলৰ চিকিৎসালয়ৰ এম্বুলেন্সত এনেকৈ ক'ভিড আক্ৰান্তক আনি জনসমাগমৰ মাজত এৰি যোৱা কাৰ্যকলৈ আৰম্ভ হৈছে তীব্ৰ সমালোচনাৰ ৷

Covid patient abandoned by Ambulance at Naharkatia

উল্লেখ্য যে বৃহস্পতিবাৰে নাহৰকটীয়াৰ পুৰণি গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাই ৰুটিন স্বাস্থ্য পৰীক্ষা কৰাবলৈ উপস্থিত হৈছিল দুলীয়াজানৰ অইলৰ চিকিৎসালয়ত । উক্ত চিকিৎসালয় খনত মহিলা গৰাকীক ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতেই তেখেতৰ গাত ক'ভিড ১৯ৰ অৱস্থিতি ধৰা পৰে । পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰ পৰা মহিলা গৰাকীক হোম কোৱাৰেণ্টাইনৰ বাবে নিজা ঘৰলৈ এম্বুলেন্সত পঠিয়াই দিয়া হয় ৷ কিন্তু মহিলাগৰাকীৰ ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মান থাকোতেই নাহৰকটীয়াৰ দৈনিক বজাৰ এলেকাত এম্বুলেঞ্চৰ সৈতে অহা স্বাস্থ্য কৰ্মীয়ে ৰোগাক্ৰান্ত মহিলাগৰাকীক এৰি যায় ৷ স্থানীয় লোকক গৰ্ভৱতী মহিলা গৰাকী ক'ভিড পজিটিভ বুলি কৈ এনেকৈ দায়িত্বজ্ঞানহীন ভাৱে এৰি যোৱা কাৰ্যক সকলোৱে দিছে গৰিহনা ৷ ইয়াৰ পিছতে সমগ্ৰ নাহৰকটীয়া নগৰত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : হুঁচৰি গোৱা ধনেৰে শিক্ষকে ৰং কৰিলে বিদ্যালয়ৰ চাৰিবেৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.