ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত পুনৰ ক'ভিড আক্ৰান্ত শিশুৰ মৃত্যু

author img

By

Published : Jun 19, 2021, 7:54 PM IST

covid-19-positive-child-died-in-amch-dibrugarh
অসম চিকিৎসা মহাবিদ্যালয়ত পুনৰ ক'ভিড আক্ৰান্ত শিশুৰ মৃত্যু

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ ধাৰাবাহিকভাৱে মৃত্যু হৈছে ক'ভিড আক্ৰান্ত শিশুৰ ৷ ইয়াৰ মাজতে শনিবাৰে চিকিৎসা মহাবিদ্যালয়খনত পুনৰ মৃত্যু হয় এটি 5 মহীয়া ক'ভিড আক্ৰান্ত শিশুৰ ৷

ডিব্ৰুগড়, 19 জুন : ৰাজ্যত ক'ভিডৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে শনিবাৰে পুনৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় এটি ক'ভিড আক্ৰান্ত দেৱশিশুৰ ৷ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা 5 মহীয়া শিশুটি অৰুণাচল প্ৰদেশৰ নামচাইৰ বুলি জানিব পৰা গৈছে ৷ যোৱা 19 জুনত অত্যাধিক জ্বৰত আক্ৰান্ত শিশুটিক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পাছত শিশুটিৰ দেহত পোৱা গৈছিল কৰ’ণা ভাইৰাছ ৷

উল্লেখনীয় যে, যোৱা 2 জুনৰ পৰা বৰ্তমানলৈকে অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্ত হৈ চাৰিটা দেৱশিশুৰ মৃত্যু হৈছে ৷ যোৱা 2 জুনত চিকিৎসালয়খনত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল মাত্ৰ 37 দিনীয়া এটি কন্যা শিশুৰ ৷ ইয়াৰ পাছতে ক্ৰমে যোৱা 9 জুনত এটি 34 দিনীয়া কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে 17 জুনত এটি 8 বছৰীয়া শিশুৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷ ইয়াৰ পাছতে 19 জুনত পুনৰ এটি 5 মহীয়া ক'ভিড আক্ৰান্ত শিশুৰ মৃত্যু হোৱা ঘটনাই চিকিৎসালয়খনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

অসম চিকিৎসা মহাবিদ্যালয়ত পুনৰ ক'ভিড আক্ৰান্ত শিশুৰ মৃত্যু

লক্ষণীয়ভাৱে সমগ্ৰ দেশতে ক'ভিডৰ তৃতীয়টো ঢৌত বিশেষকৈ শিশুসকল অত্যাধিক আক্ৰান্ত হ’ব বুলি আশংকা কৰি অহা হৈছিল ৷ ইয়াৰ মাজতে অসম চিকিৎসা মহাবিদ্যালয়ত ইটোৰ পিছত সিটো শিশু ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ ঘটনাই চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক জোকাৰি গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানেও ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কেইবাটাও ক'ভিড আক্ৰান্ত শিশু চিকিৎসাধীন হৈ আছে ৷

সেই শিশুসকলৰ চিকিৎসাৰ বাবে ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই শিশুৰ বাবে আছুতীয়াকৈ ক'ভিড আইচিইউ(ICU) নিৰ্মাণ কৰি আছে ৷ লগতে চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই তৃতীয়টো ঢৌৰ পূৰ্বে সাজু হোৱাৰ বাবে যুদ্ধকালীনভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ লগতে জনসাধাৰণক অধিক সচেতন হোৱাৰ লগতে শিশুসকলৰ ক্ষেত্ৰত যাতে ক'ভিডৰ সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছে ৷ শেহতীয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ইটোৰ পাছত সিটো ক'ভিড আক্ৰান্ত শিশুৰ মৃত্যুৱে চিকিৎসালয়খনত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়কঃ দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.