ETV Bharat / state

Oil spills in Duliajan : দুলীয়াজানত তেলখাদৰ বিস্ফোৰণস্থলীত তৃতীয় দিনাও ভয়ংকৰভাৱে নিৰ্গমণ হৈ আছে প্ৰাকৃতিক গেছ

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 12:56 PM IST

63 ঘন্টা উকলি যোৱাৰ পাছতো দুলীয়াজানৰ তেল খাদত অব্যাহত প্ৰাকৃতিক গেছৰ নিৰ্গমণ ৷ পুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰে অইল ইণ্ডিয়াৰ লিমিটেডৰ পৰিচালন সঞ্চালক ড৹ ৰঞ্জিত ৰথে ৷ দেওবাৰ সন্ধিয়া পৰ্যন্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ আশ্বাস অইল কৰ্তৃপক্ষৰ ৷ সমস্যাত সৰ্বসাধাৰণ ৷

Continuously gas leak in Duliajan
অব্যাহত প্ৰাকৃতিক গেছৰ নিৰ্গমণ

দুলীয়াজানৰ তেল খাদত অব্যাহত প্ৰাকৃতিক গেছৰ নিৰ্গমণ

ডিব্ৰুগড়, 22 অক্টোবৰ: দুলীয়াজান তেল খাদৰ বিস্ফোৰণস্থলীত নিৰ্গমণ হৈ আছে ভয়ংকৰভাৱে প্ৰাকৃতিক গেছ। দুলীয়াজানৰ NHK 67 নম্বৰ তেল খাদত বিস্ফোৰণ সংঘটিত হোৱা 63 ঘন্টা উকলি যোৱাৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই গেছ নিৰ্গমণ । দিনে নিশাই অইল ইণ্ডিয়া লিমিটেডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, অগ্নি নির্বাপক বাহিনী, বিভাগীয় বিশেষজ্ঞ, স্থানীয় প্ৰশাসনিক বিষয়া ঘটনাস্থলীত উপস্থিত হৈ গেছ নিৰ্গমণ বন্ধ কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমানলৈ সফল হ'ব পৰা নাই ।

দেওবাৰে পুৱাই অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক ড৹ ৰঞ্জিত ৰথে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । অইল ইণ্ডিয়া পৰিচালন সঞ্চালকগৰাকীয়ে ঘটনাস্থলীতে বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছে । শনিবাৰে গেছ নিৰ্গমণ বন্ধ কৰিবলৈ চেষ্টা চলাইছিল যদিও সফল হ'ব পৰা নাই বুলি জানিবলৈ দিয়ে সঞ্চালকগৰাকীয়ে ।

অৱশ্যে দেওবাৰৰ সন্ধিয়া গেছ নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হ'ব বুলি অইল ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা দুলীয়াজানৰ অইল ইণ্ডিয়াৰ 67 নং তেল খাদত ভয়ংকৰ বিস্ফোৰণ ঘটাৰ পাছতেই ব্যাপকভাৱে নিৰ্গমণ হৈছে প্ৰাকৃতিক গেছ । পুৰণি দিৰিয়েল চাহ বাগিচা লাইনৰ নিচেই কাষত পৰিত্যক্ত অৱস্থাত থকা অইল ইণ্ডিয়া লিমিটেডৰ 67 নম্বৰ তেল খাদটোত সংঘটিত হোৱা এই ঘটনাক লৈ দুলীয়াজানত আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকা তেল খাদটোত এই বিস্ফোৰণ সংঘটিত হোৱাত যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ আশংকাত ভুগিছে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষই স্থানীয় লোকক ঘৰত জুই জ্বলোৱাত বাধা আৰোপ কৰিছে । ইতিমধ্যে অঞ্চলটোৰ বহুলোকে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ।

অঞ্চলটোৰ বহু শ্ৰমিক দুটা দিনে কাম-বন একো কৰিব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

লগতে পঢ়ক : Protest Rally in Manikpur: মহা সপ্তমীৰ দিনা মাণিকপুৰত প্ৰতিবাদী পদযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.