ETV Bharat / state

Chief Minister Visit at Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকাৰ পেকেজ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 10:54 PM IST

Chief Minister Visit at Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা পেকেজ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীসকল সৈতে মত বিনিময় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত মত-বিনিময় কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা মুখ্যমন্ত্ৰীয়ে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা পেকেজ

ডিব্ৰুগড়, 16 অক্টোবৰ: সোমবাৰে পুৱাই দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । দিনত ডিব্ৰুগড়ৰ মানকটাত বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ‍্যমন্ত্ৰী শৰ্মাই মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ প্ৰমাণ পত্ৰ প্ৰদান কৰিলে ডিব্ৰুগড় জিলাৰ ঋণগ্ৰস্ত মহিলাসকলক । ইয়াৰ পাচতে সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগত বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত মত-বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । প্ৰায় ডেৰ ঘন্টা ধৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইফালে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অভাৱ অভিযোগসমূহ গুৰুত্ব সহকাৰে লৈ সমাধানৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ কথাৰ উমান পাই উক্ত সভাতে উপস্থিত থকা শিক্ষামন্ত্ৰী ৰণোজ পেগুক ছাত্ৰ-ছাত্ৰীয়ে উত্থাপন কৰা সমস্যাসমূহ সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী শৰ্মাই আন এটা প্ৰসংগত কয়, ‘‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিটো ছেমিষ্টাৰৰ আধা খৰচ ৰাজ্য চৰকাৰে বহন কৰিব ৷’’ ছাত্ৰ-ছাত্ৰীৰ পৰা বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যা বুজ লোৱাৰ পাচতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়ন বাবে 100 কোটি টকা প্ৰদান কৰাৰ হ’ব ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

‘‘2026 চনৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে তিনিটা কিস্তিত প্ৰদান কৰিব ধন ৷ গতিকে ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আলোচনা কৰি কেনেকৈ 100 কোটি খৰচ কৰিব সেই বিষয়ত পৰিকল্পনা কৰক ৷ যাতে বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা সমস্যাসমূহ আমি সমাধান কৰিব পাৰো ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ

এই অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী বিমল বৰা, মন্ত্ৰী ৰণোজ পেগু, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৷

লগতে পঢ়ক:CM reacts on Erosion of Dibrugarh: বেছি দূৰ নাই ডিব্ৰুগড় চহৰলৈ ! খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.